ETV Bharat / state

কৃষ্ণাইত সুৰাৰ বিপনীৰ বাবে অ’ চি প্ৰদানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - reaction to issuance of NOCs for liquor shops

কৃষ্ণাইত সুৰাৰ বিপনীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া । মেনেজ প্ৰক্ৰিয়াৰে কৃষ্ণাই পঞ্চায়ত কৰ্তৃপক্ষৰ গোপন ষড়যন্ত্ৰৰে এন অ’ চি প্ৰদানৰ অভিযোগ দল-সংগঠনৰ ৷ কৃষ্ণাইত দুখন সুৰাৰ বিপনী থকা স্বত্বেও তৃতীয়খন সুৰাৰ বিপনীৰ অনুঞ্জাপত্ৰ বাতিল কৰিবলৈ বিভিন্ন দল সংগঠন দাবী (Reaction to issuance of NOCs for liquor shops at Krishnai) ।

liquor shops in Krishnai demanding cancellation of their licences in goalpara
কৃষ্ণাইত সুৰাৰ বিপনীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 24, 2022, 2:29 PM IST

গোৱালপাৰা, 24 আগষ্ট: গোৱালপাৰা জিলাৰ কৃষ্ণাইত সুৰাৰ বিপনীৰ অনুঞ্জাপত্ৰক লৈ প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ । চহৰখনত দুখনকৈ সুৰাৰ বিপনীয়ে অঞ্চলটোত যুৱ ঊশৃংখলতা বৃদ্ধি কৰাৰ লগতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ পিছত তৃতীয়খন সুৰাৰ বিপনী খোলাৰ বিৰুদ্ধে আঞ্চলিক ছাত্ৰ সন্থা, আক্ৰাছু, আমছু, আঞ্চলিক গৰিয়া-মৰিয়া সমিতি, কৃষ্ণাই সচেতন নাগৰিক মঞ্চকে ধৰি কেবাটাও দল সংগঠনে তীব্ৰ বিৰোধীতা কৰে ৷

বিষয়টোৰ সম্পৰ্কত জিলা উপায়ুক্ত আৰু আবকাৰী বিভাগক অভিযোগ দাখিল কৰাৰ পিছতো একো সুফল নোপোৱাৰ অভিযোগ সংগঠনকেইটাৰ ৷ অভিযোগ অনুসৰি, আবকাৰী নীতিমতে আবাসী অঞ্চলত, মন্দিৰ, মদজিদ, শিক্ষানুষ্ঠান আদি অনুষ্ঠান প্ৰতিষ্ঠানৰ এশ মিটাৰ দূৰত্বত সুৰাৰ বিপনী খোলা নিয়মবৰ্হিভূত । অথচ কৃষ্ণাইৰ প্ৰস্তাৱিত তৃতীয়খন সুৰাৰ বিপনীৰ লগতে মন্দিৰ এটা বিৰাজমান হৈ থকাৰ উপৰিও আৱাসী এলেকাটোৰ দুজনকৈ নিকটৰ্ৱতী আৱাসীয়ে জিলা প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো জিলা প্ৰশাসনে তিলমাত্ৰও ভ্ৰূক্ষেপ নকৰিলে ।

কৃষ্ণাইত সুৰাৰ বিপনীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

আনহাতে, কৃষ্ণাই উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া বকুল ৰাণী মহন্তৰ চূড়ান্ত নিৰ্লিপ্ত ভূমিকাৰ পূৰ্ণ সূযোগ গ্ৰহণ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাক ভৰিৰে মোহাৰি কৃষ্ণাই পঞ্চায়তৰ সভাপতি শ্বাহালমে সুৰাৰ বিপনীৰ ষড়যন্ত্ৰত লিপ্ত হৈ গাঁওসভা নপতাকৈ ৰাইজৰ অঞ্জাতে অতি গোপনে মেনেজ পদ্ধতি অৱলম্বন কৰি সুৰাৰ বিপনী খোলাৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰাক লৈ জাঙুৰ খাই উঠিছে কৃষ্ণাই অঞ্চলৰ ৰাইজ তথা একাধিক দল-সংগঠন ।

প্ৰশাসনে কৃষ্ণাইত তৃতীয়খন সুৰাৰ বিপনীৰ অনুঞ্জাপত্ৰ বাতিল নকৰিলে লগতে পঞ্চায়ত সভাপতিগৰাকীয়ে অতি শীঘ্ৰেই আপত্তি বিহীন প্ৰমাণ-পত্ৰ নাকচ নকৰিলে অঞ্চলটোৰ ৰাইজৰ লগতে সংগঠনসমূহে একত্ৰিত হৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনৰ নেতৃবৃন্দই ।

লগতে পঢ়ক: অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগেৰে পথলৈ ওলাই আহিল মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.