ETV Bharat / state

Minor Boy Missing: গোৱালপাৰা ডেকধোৱাত শোকাৱহ ঘটনা - Student missing

গোৱালপাৰা ডেকধোৱাত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হ’ল এগৰাকী কিশোৰ ৷ সন্ধানহীন কিশোৰগৰাকীৰৰ নাম আফতাব হুছেইন ৷

Minor Boy Missing
গোৱালপাৰা ডেকধোৱাত শোকাবহ ঘটনা
author img

By

Published : Jun 25, 2023, 10:49 PM IST

গোৱালপাৰা ডেকধোৱাত শোকাবহ ঘটনা

গোৱালপাৰা,25 জুন: গোৱালপাৰা ডেকধোৱাত শোকাৱহ ঘটনা ৷ তিনি সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন হ’ল এগৰাকী কিশোৰ ৷ জানিব পৰা মতে দেওবাৰে বিয়লিৰ ভাগত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ সন্ধানহীন কিশোৰগৰাকীৰৰ নাম আফতাব হুছেইন বুলি জানিব পৰা গৈছে । কিশোৰ আফতাব হুছেইন গোৱালপাৰা চহৰৰ ময়লাপথাৰস্থিত গেলেক্সি একাডেমিৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ৷

দেওবাৰে বিয়লিৰ ভাগত গা-ধুবলৈ তিনি বন্ধুৰ সৈতে নামিছিল ব্ৰহ্মপুত্ৰ নদীত ৷ এনে অৱস্থাত ব্ৰহ্মপুত্ৰৰ দ পানীত ডুব যায় আফতাব । সাঁতুৰিব নজনা আফতাব হুছেইনে দ পানীত পৰি ককবকাবলৈ ধৰোতে দুই বন্ধুৱে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল । আফতাবৰ দুই বন্ধুৱে আফতাবক উদ্ধাৰ কৰিবলৈ সহায় বিচাৰি চিঞৰ-বাখৰ কৰে যদিও কোনো কামত নাহিল । ইয়াৰ পিচতে আফতাব সন্ধানহীন হৈ পৰে ।

পৰৱৰ্তী সময়ত আফতাবৰ সমনীয়াই আফতাবৰ সন্ধানহীন হোৱাৰ কথা আফতাবৰ বন্ধুৱেক কেইজনে ঘৰৰ মানুহক জনোৱাৰ পাছতে ৰাইজে ততাতয়াকৈ আফতাবক বিচাৰিছল যদিও সন্ধান লাভ নকৰিলে ৷ কোৱাল সোঁতত উটি যোৱাৰ সন্দেহ কৰিছে ৰাইজে ৷ স্থানীয় ৰাইজে বিচাৰি নাপায় পাচত ডোবাপাৰা আৰক্ষীক খবৰ দিয়ে ৷

ৰাইজৰ খবৰৰ ভিত্তিত পাচতে ডোবাপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে এছ ডি আৰ এফৰ সহায়ত কিশোৰগৰাকীক উদ্ধাৰ কৰাৰ বাবে অভিযান‌ চলায় ৷ কিন্তু বৰ্তমানেও আফতাব হুছেনৰ সন্ধান পোৱা হোৱা নাই। কিশোৰ আফতাবক উদ্ধাৰৰ বাবে SDRF বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ এই ঘটনাক লৈ শোকাকূল পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোত ৷

লগতে পঢ়ক:Ranoj Pegu Controversy: শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.