গোৱালপাৰা, ৩১ আগষ্ট: ছেপ্টেম্বৰ মাহত অসমত বাল্যবিবাহ, বহু বিবাহৰ বিৰুদ্ধে আইন গৃহীত কৰা হ’ব ৷ গোৱালপাৰাত বৃহস্পতিবাৰে চতুৰ্থ অসম জলজীৱন সন্মিলনৰ উদ্ধোধনী কৰি এই কথা ঘোষণা কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ তেওঁ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহটো গুৰুত্বপূৰ্ণ মাহ বুলি গণ্য কৰা হ’ব বুলি উল্লেখ কৰি এই মাহটোত ৰাজ্যবাসীয়ে মুখ্যমন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মাৰ পৰা ন ন অভিজ্ঞতা লাভ কৰিব বুলি উল্লেখ কৰে ৷
তেওঁ লগতে ছেপ্তেম্বৰ মাহত বিধান সভাও আছে । গতিকে এই মাহত বাল্যবিবাহ আৰু বহু বিবাহৰ লগতে আন কেইবাখনো আইন গৃহীত হোৱাৰো কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ সদায়ে কঠোৰ বুলি উল্লেখ কৰি আইন ভংগকাৰী জেললৈ যাবই লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷
উল্লেখ্য যে, গোৱালপাৰা চহৰৰ ডি এন সিংহ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হয় চতুর্থ অসম জল জীৱন সন্মিলন । চতুৰ্থ অসম জলজীৱন সন্মিলনত অংশলৈ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নতুনকৈ নিৰ্মাণ হোৱা ৮৫ খন বিশুদ্ধ খোৱাপানী যোগান আঁচনি কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰে । এই ৮৫ খন আঁচনিৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১৩,৬৮৩ টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা হৈছে ।
উল্লেখ যে, জলজীৱন মিছন আঁচনি ৰূপায়ন আৰু পৰিচালনাৰ ক্ষেত্রত বিশেষভাৱে পাৰদর্শিতা দেখুওৱা জলমিত্র, পানীযোগান পৰিচালনা সমিতি, আত্ম-সহায়ক গোট, পানীৰ গুণগত মান পৰীক্ষণৰ মহিলা গোট, জলদূত, ঠিকাদাৰৰ লগতে ইয়াৰ লগত জড়িত হৈ থকা সকলোকে অনুষ্ঠানটোত বিশেষভাৱে সম্বৰ্ধনা জনায় মন্ত্ৰীগৰাকীয়ে । জানিব পৰা মতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছন আঁচনিৰ অধীনত বৰ্তমালৈ জিলাখনৰ প্ৰায় ৬৫% পৰিয়ালক পানীযোগান টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে ।
গোৱালপাৰা জিলাত সৰ্বমুঠ ৮৫ খন জলজীৱন মিছনৰ নতুন আঁচনিয়ে ২,৩১,৮৯৩ টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰি উপকৃত কৰাৰ বিপৰীতে জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত দীৰ্ঘদিনে বন্ধ হৈ থকা ২৬৫ খন পানী যোগান আঁচনি পুনৰ কাৰ্যক্ষম কৰি ১,৫০,৭০৮ টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে । উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিধায়ক একে ৰচিদ আলম, বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বিধায়ক ৰচিদ মণ্ডল, বিধায়ক আফতাব উদ্দিন মোল্লা, জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰী, কাৰ্যবাহী অভিযন্তা পল্লৱ কুমাৰ দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: AJP Press Meet : বাজপেয়ী ভৱন এতিয়া দুৰ্নীতিৰ শ্বপিংমললৈ পৰ্যৱসিত হৈছে; লুৰীণজ্যোতি গগৈ