ETV Bharat / state

DFO Jitendra Kumar suspended: গোৱালপাৰাৰ বিতৰ্কিত DFO জিতেন্দ্ৰ কুমাৰক তাৎক্ষণিকভাৱে নিলম্বন - গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰ

গোৱালপাৰাৰ বিতৰ্কিত বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক তাৎক্ষণিকভাৱে নিলম্বন । কৃষ্ণাইত দুৰ্বৃত্তৰ আক্ৰমণত এজন বনকৰ্মী নিহত হোৱাৰ লগতে তিনিজনকৈ বনকৰ্মী আহত হৈছিল । তাৰ পৰিপ্ৰেক্ষিতত প্ৰথমে বদলি তাৰ পিচতে নিলম্বন বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক (DFO Jitendra Kumar suspended) ।

Controversial DFO Jitendra Kumar
গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰ
author img

By

Published : Jun 7, 2023, 1:29 PM IST

গোৱালপাৰা, 7 জুন : গোৱালপাৰা জিলাৰ বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক নিলম্বন কৰা হৈছে । বহু বিতৰ্কিত বন বিষয়া জিতেন্দ্ৰ কুমাৰৰ নিলম্বনৰ খবৰে গোৱালপাৰাবাসীক উৎফুল্লিত কৰি তুলিছে (DFO Jitendra Kumar suspended from Goalpara) । উল্লেখ্য যে, গোৱালপাৰা জিলাত যোগদান কৰাৰ পিচদিনৰ পৰাই একাংশ বনদস্যুৰ সৈতে মিলি গোৱালপাৰা জিলাৰ বনজ সম্পদ সমূহ চোৰাং বালি মাফিয়া, চোৰাং কাঠ বেপাৰীক একপ্ৰকাৰে হাতৰ মুঠিত তুলি দিয়া বুলি জিতেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল । চোৰাং বালি মাফিয়া, কাঠ বেপাৰীৰৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা ।

কেৱল এয়াই নহয় ৰঙা মাটিৰ নামত ব্যৱসায় কৰা একাংশ ৰঙা মাটি ব্যৱসায়ীক গোৱালপাৰা জিলাৰ ঐতিহ্য ধৰি ৰখা পাহাৰসমূহো গতাই দিয়াৰ অভিযোগ উঠিছিল বিন বিষয়াগৰাকীৰ বিৰুদ্ধে । গোৱালপাৰাবাসী ৰাইজৰ এই সমূহ অভিযোগ আছিল দীৰ্ঘদিনীয়া । যি সময়ত ৰাজ্যৰ প্ৰতিটো বনবিভাগৰ কাৰ্যালয়ত ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকে 'গছ থাকিলেহে মানুহ থাকিব'এই বাক্যশাৰীৰ সম্পূৰ্ণ বিপৰীতে গৈ একাংশ বনদস্যুৰ লগত মিলি গছ-গছনি সমূহ ধ্বংস কৰাত নামি পৰিছিল খোদ নিলম্বিত বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰে (Controversial DFO Jitendra Kumar) ।

প্ৰণিধানযোগ্য যে, 'এশ গৰু মাৰিলে বাঘৰো মৰণ' উক্ত বাক্যশাৰী আখৰে আখৰে ফলিয়ালে বনদস্যু জিতেন্দ্ৰ কুমাৰৰ ক্ষেত্ৰত । বিগত ৩০মে’ তাৰিখে কৃষ্ণাই আঞ্চলিক বনবিভাগৰ অধীনস্থ শালপাৰা দৰাপাৰাত একাংশ বনদস্যুৰ আক্ৰমণত নিহত হৈছিল এজন বনকৰ্মী, আনহাতে গুৰুতৰভাৱে আহত হৈছিল তিনিজনকৈ বনকৰ্মী । এই ঘটনাই কাল হৈ পৰিল জিতেন্দ্ৰ কুমাৰৰ জীৱনৰ বাবে (DFO Jitendra Kumar) ।

সেইদিনাই কৃষ্ণাইৰ ঘটনাস্থলীত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক । ঘটনাৰ পিচদিনাই গোৱালপাৰাৰ বনদস্যুখ্যাত বনবিষয়া জিতেন্দ্ৰ কুমাৰক বদলি কৰে গুৱাহাটীৰ মুখ্য বনসংৰক্ষক কাৰ্যালয়লৈ । পিচত আজি ৰাজ্যপালে নিলম্বিত বুলি ঘোষণা কৰে গোৱালপাৰাৰ বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰক ।

লগতে পঢ়ক : Sonapur road accident: নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্রীয় ঘাইপথত বাগৰিল গেছ ভৰ্তি টেংকাৰ; অহৰহ নিৰ্গত গেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.