গোৱালপাৰা, 1 এপ্ৰিলঃ সমগ্ৰ ৰাজ্যজুৰি অংগনবাদী কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে গোৱালপাৰাটো প্ৰতিবাদত নামি পৰে অংগণবাদী কৰ্মীসকল ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগত ন্যূনতম মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰেপ্ৰতিবাদ সাব্যস্ত কৰে এইসকল কৰ্মীয়ে ৷
সংহত শিশু উন্নয়ন আঁচনিৰ বাবে কেন্দ্ৰীয় বাজেট বৃদ্ধি, অংগনবাদী কৰ্মী সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি, ন্যূনতম মজুৰি 18,000 টকা, নিশ্চিত পেঞ্চন আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাদী কৰ্মীসকলে ৷ আনহাতেজিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী তথা চৰকাৰলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে জিলাখনৰ অংগনবাদী কৰ্মীসকলে ৷