ETV Bharat / state

Albino Barking Deer : ডিমা হাছাওৰ হাডিঙমা গাঁৱত ওলাইছে দুৰ্লভ প্ৰজাতিৰ বগা হৰিণ - দুৰ্লভ প্ৰজাতিৰ বগা হৰিণ

আপুনি বাৰু দেখিছেনে বগা হৰিণ ? এইবাৰ ডিমা হাছাওৰ জিং হিলছৰ হাডিঙমা গাঁৱত দেখিবলৈ পোৱা গৈছে দুৰ্লভ প্ৰজাতিৰ এই বগা হৰিণ (Rare species of Albino Barking Deer found in Dima Hasao) ৷ দুৰ্লভ প্ৰজাতিৰ এই বগা হৰিণক সুৰক্ষা প্ৰদান কৰাৰ বাবে বন বিভাগে ইতিমধ্যে বহু ব্যৱস্থা হাতত লৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ডিমা হাছাও জিলাৰ চিচিএফ এম টুমনোংয়ে ৷

Rare species of Albino Barking Deer found
দুৰ্লভ প্ৰজাতিৰ বগা হৰিণক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা
author img

By

Published : Mar 18, 2023, 6:53 PM IST

দুৰ্লভ প্ৰজাতিৰ বগা হৰিণক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা

হাফলং, 18 মাৰ্চ : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ জিং হিলছৰ হাডিঙমা গাঁৱত দেখিবলৈ পোৱা গৈছে দুৰ্লভ প্ৰজাতিৰ বগা হৰিণ (Albino Barking Deer)। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ডিমা হাছাও জিলাত এই ধৰণৰ বগা হৰিণ দেখিবলৈ পোৱা গৈছিল (Rare species of Albino Barking Deer found in Dima Hasao)। কিন্তু সেই বগা হৰিণক হত্যা কৰিছিল চোৰাং চিকাৰীয়ে ।

জানিব পৰা মতে, এনে ধৰণৰ দুৰ্লভ প্ৰজাতিৰ বগা হৰিণ (Albino Barking Deer) ইণ্ডিনেছিয়া, শ্ৰীলংকা, থাইলেণ্ড আৰু ভাৰততহে পোৱা যায় । এই বগা হৰিণে গছৰ পাত খাই জীয়াই থাকে । এই বগা হৰিণৰ আয়ুষ ৰেখা মাত্ৰ 15 বছৰ ।এইবাৰ অসমৰ অন্যতম পাহাৰীয়া জিলাত এনে বগা হৰিণ দেখিবলৈ পোৱা গৈছে ।

যাৰবাবে এই বগা হৰিণৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই । কোনো অৱস্থাতেই যাতে এই দুৰ্লভ প্ৰজাতিৰ বগা হৰিণক চোৰাং চিকাৰীসকলে ক্ষতি কৰিব নোৱাৰে তাৰবাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে দেৱলাল গাৰ্লচাই ।

ইপিনে শুক্ৰবাৰে হাফলং কৃষি ভৱনত বিয়লিৰ ভাগত এখন সংবাদমেলৰ আয়োজন কৰি ডিমা হাছাও জিলাৰ চিচিএফ এম টুমনোংয়ে কয়, ‘‘ডিমা হাছাও জিলাৰ ইজিং হিলছৰ হাডিংমা গাঁৱৰ জংঘলত দুৰ্লভ প্ৰজাতিৰ বগা হৰিণ Albino Barking Deer পোৱা গৈছে আৰু এই হৰিণক যাতে কোনোৱে হত্যা নকৰে’’ ৷

লগতে তেওঁ কয়, ‘‘কোনো চিৰাং চিকাৰীয়ে এই দুৰ্লভ প্ৰজাতিৰ বগা হৰিণক হত্যাৰ চেষ্টা চলাই তেনেহ’লে Wild life protection act ৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব লগতে ছয় বছৰৰ জেল আৰু 25 হাজাৰ টকা জৰিমনা বেহা হ’ব’’ । তেওঁ আৰু কয়, ‘‘ডিমা হাছাও জিলাত এতিয়া চোৰাং চিকাৰীয়ে এয়াৰ গান আৰু বিভিন্ন অস্ত্ৰলৈ পক্ষী আৰু বন্য জীৱ-জন্তুক হত্যা কৰিছে । সেয়ে চোৰাং চিকাৰীক বাধা দিবলৈ এক প্ৰকাৰে পূৰ্বতকৈ আৰু অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ বন বিভাগ ৷

চিচিএফয়ে সংবাদমেলত আৰু কয়, ‘‘ডিমা হাছাও জিলাত এই দুৰ্লভ প্ৰজাতিৰ বগা হৰিণৰ সুৰক্ষাৰ বাবে বন বিভাগে এক বিশেষ বাহিনী তৈয়াৰ কৰি দিনে নিশাই পেট্ৰ’লিঙৰ ব্যৱস্থা কৰিছে হাডিংমাৰ জংঘলত’’ । উল্লেখ্য যে, শুক্ৰবাৰে আয়োজিত এই সংবাদমেলত উপস্থিত থাকে ডিমা হাছাও জিলাৰ বনবিভাগৰ পূব আৰু পশ্চিম সংমণ্ডলৰ ডিএফও তুহিন লাংথাচা আৰু তুনু লাংথাচা ।

লগতে পঢ়ক : HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.