ডিমা হাছাও, 21 অক্টোবৰ : ডিমা হাছাও জিলাত কংগ্ৰেছ দলত গৰাখহনীয়া অব্যাহত আছে । প্ৰতিদিনেই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে দলীয় কৰ্মীয়ে ।
বুধবাৰে পুনৰ হাফলং বাজপেয়ী ভৱনত ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম নিপোলাল, হোজাই ই এম নন্দিতা গাৰ্লচাৰ উপস্থিতিত কংগ্ৰেছ দল ত্যাগ কৰি ভালেসংখ্যক নেতাকৰ্মী আৰু মহিলা সদস্যই বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক : অনলাইন শিক্ষাৰে বিদেশত সুনাম অসম কন্যাৰ
যোগদান অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেনে কয় যে, বিজেপিৰ উন্নয়নমূলক কামকাজ দেখি ডিমা হাছাও জিলাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিজেপি দলত যোগদান কৰিছে নেতা কৰ্মী সকলে । নিৰ্বাচনৰ আগলৈকে ডিমা হাছাও জিলাত এই যোগদান কাৰ্যসূচী অব্যাহত থাকিব বুলি মন্তব্য কৰি ধনপাইনন থাওচেনে বিজেপি দলত যোগদান কৰা নেতাকৰ্মী সকলক আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ স্বাৰ্থত কাম কৰি যোৱাৰ আহ্বান জনায় ।
লগতে পঢ়ক : মাদ্ৰাছা বন্ধৰ প্ৰসংগ : দিলীপ শইকীয়াৰ বিস্ফোৰণ