হাফলং, 21 জানুৱাৰী: ৰাজ্যত অচিৰেই চলাচল কৰিব বৈদ্যুতিক ইঞ্জিনৰ ৰে’ল (Electric train engines to ply to Silchar)৷ 2023 চনৰ শেষৰফালে শিলচৰলৈকে বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল চলিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
শুকুৰবাৰে উত্তৰ পূব সীমান্ত ৰে’লৰ জেনেৰেল মেনেজাৰ আনচুল গুপ্তা (NRF GM Ansul Gupta), ডিআৰএম জি এছ লাখৰা আৰু ৰে’ল বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলে লামডিং-শিলচৰ সংযোগী ব্ৰডগজ ৰে’লপথচোৱা পৰিদর্শন কৰে ৷ জেনেৰেল মেনেজাৰ আনচুল গুপ্তাই নিউ হাফলং ষ্টেচনত এটা পৰ্যটক তথ্য কেন্দ্ৰ (Tourist Information center)মুকলি কৰাৰ লগতে এখন ফুডপ্লাজাৰো উদ্বোধন কৰে ।
জেনেৰেল মেনেজাৰ আনচুল গুপ্তাই (NRF GM Ansul Gupta visited Haflong) কয় যে লংকা-চন্দ্ৰনাথপুৰ-শিলচৰ সংযোগী বিকল্প ৰে’লপথৰ বাবে পূৰ্বেই চার্ভেৰ কাম হৈছিল যদিও এইবাৰ পুনৰ এই বিকল্প ৰে’লপথৰ চার্ভেৰ কাৰণে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই চার্ভেৰ ৰিপ’ৰ্ট অহাৰ পিচতেই বিকল্প ৰে’লপথ নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হ’ব ৷
গুৱাহাটীৰ পৰা বিমানযোগে শিলচৰত অৱতৰণ কৰি প্ৰথমতে শিলচৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি জেনেৰেল মেনেজাৰ আনচুল গুপ্তাই বদৰপুৰৰ পৰা এল জি স্পেচিয়েল ৰে’লৰ পাহাৰায়া জিলাখনৰ মাজেৰে পাৰ হোৱা ৰেল পথচোৱা পৰিদৰ্শন কৰে ৷
ইয়াৰোপৰি নিউ হাফলং ষ্টেচনত উপস্থিত হৈ ৰেল ষ্টেচনৰ বিভিন্ন দিশ পৰিদৰ্শন কৰি মেনেজাৰ গৰাকীয়ে নিউ হাফলঙক অচিৰেই বিশাল পৰিসৰত এটা ষ্টেচনলৈ সম্প্ৰসাৰণ কৰা হ’ব আৰু এই ষ্টেচনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে বিভিন্ন পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে হাফলং ষ্টেচনত থকা পাহাৰীয়া জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হস্ত নিৰ্মিত বস্ত্ৰৰ এখন ষ্ট’ল পৰিদৰ্শন কৰি জেনেৰেল মেনেজাৰগৰাকীয়ে কয় যে এনে ধৰণৰ ষ্টল আৰু অধিক নিউ হাফলং ষ্টেচনত খোলা হ’ব ।
তেওঁ লগতে কয় 2023 চনৰ শেষৰফালে শিলচৰলৈ বৈদ্যুতিক ইঞ্জিনচালিত ৰেল চলাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে পাহাৰৰ মাজেৰে নিৰ্মাণ কৰি থকা লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথচোৱাৰ বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰা হৈছে ।
অন্যহাতে জেনেৰেল মেনেজাৰগৰাকীয়ে নিউ হাফলং ষ্টেচন পৰিদৰ্শন কালত নিউ হাফলং ষ্টেচনত ৰেলৱে পেচেঞ্জাৰ এমিনিটি এছ’চিয়েচন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বৃহৎ সংগঠনৰ যৌথ সমন্বয় সমিতিৰ সহযোগত ৰাণী গাইদুলুই পইণ্টৰ পৰা নিউ হাফলং ষ্টেচনলৈকে সংযোগী পথচোৱা মেৰামতি কৰাৰ কথা ঘোষণা কৰে ৷ লগতে আগৰতলা-নিউ দিল্লীৰ মাজত চলাচল কৰা তেজছ ৰাজধানী এক্সপ্ৰেছ আৰু কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰে’লৰ ষ্টপেজৰ বাবে নিউ হাফলং ষ্টেচন অন্তৰ্ভুক্ত কৰিবৰ বাবে দুখন পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰে ।
লগতে পঢ়ক: NIA charge sheet against PFI : ভাৰতক ইছলামিক দেশ কৰাৰ ষড়যন্ত্ৰ, NIAৰ অভিযোগনামাত ভয়ংকৰ তথ্য