ETV Bharat / state

ডিমা হাছাওলৈ ঘূৰি অহা ব্যক্তিৰ গৃহ ছীল জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ - diam hasao district administration

শনিবাৰে ডিমা হাছাওলৈ ঘূৰি অহা সন্দেহজনক কেইবাগৰাকীও ব্যক্তিৰ গৃহ ছীল কৰে ডিমা হাছাও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে গ্ৰহণ কৰে এক পদক্ষেপ ৷ দিন মজুৰি কৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে বিনামুলীয়া চাউল দিয়াৰ কথা ঘোষণা কৰে পৰিষদে ৷

গৃহ ছীল জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ

author img

By

Published : Mar 28, 2020, 10:10 PM IST

ডিমা হাছাও, 28 মাৰ্চঃ শনিবাৰে কৰ'ণা আক্ৰান্ত ৰাজ্যৰ পৰা নিজৰ গৃহ জিলা ডিমা হাছাওলৈ ঘূৰি অহা সন্দেহজনক কেইবাগৰাকীও ব্যক্তিৰ গৃহ ছীল কৰিলে ডিমা হাছাও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ ইয়াৰোপৰি বহিঃৰাজ্যৰ পৰা অহা সেইসকল লোকৰ হাতত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ষ্টাম্প মৰাৰ ওপৰিও তীক্ষ্ণ নজৰ ৰাখিছে ৷

আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে দিন মজুৰি কৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে বিনামূলীয়া চাউল দিয়াৰ কথা ঘোষণা কৰে ৷ শনিবাৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাই খাদ্য আৰু অসামৰিক যোগান দপ্তৰক এই বিষয়ে পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে ৷ কাইলৈৰ পৰা ডিমা হাছাও জিলাৰ বিভিন্ন এলেকাৰ কো-অপাৰেটিভ আৰু ন্যায্য মূল্যৰ দোকানৰ পৰা তেওঁলোকক প্ৰদান কৰা হ'ব চাউল ৷

লগতে পঢ়কঃ ৰাজ্যত লক ডাউনৰ চতুৰ্থ দিনত ক’ত কি ঘটিল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.