ETV Bharat / state

Assam governor visits Haflong: ডিমা হাছাও জিলাক বৃহৎ পৰ্যটন কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ পৰামৰ্শ ৰাজ্যপাল কাটাৰীয়াৰ - gulab chand kataria

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও পৰ্যটনৰ ক্ষেত্ৰত এক মহত্বপূৰ্ণ ঠাই । মাউন্ট আবুৰ পৰা এই পাহাৰীয়া জিলা পৰ্যটনৰ অধিক সম্ভাৱনা আছে, অধিক বিকাশৰ সম্ভাৱনা আছে। এই অঞ্চলত এক বৃহৎ পৰ্যটন স্থল হিচাবে গঢ়ি তোলাৰ প্ৰয়াস হাতত ল’লে এই অঞ্চলত কৰ্মসংস্থান বৃদ্ধি হ’ব ৷ ইয়াৰ উপৰিও পাহাৰীয়া জিলাৰ কৃষ্টি-সংস্কৃতি আৰু ইতিহাস সম্পৰ্কে সকলো অৱগত হ’ব ৷ এই মন্ত্যব ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ ৷

Assam governor visits Haflong
Assam governor visits Haflong
author img

By

Published : Aug 10, 2023, 7:17 PM IST

হাফলঙত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

হাফলং 10 আগষ্ট: দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যপাল গোলাব চান্দ কটাৰীয়াই বুধবাৰে ডিমা হাচাও জিলাৰ হাফলঙত উপস্থিত হয় ৷ বৃহস্পতিবাৰে আৱৰ্তভৱনত সাংবাদিক সৈতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই পাহাৰীয়া জিলাৰ আন্তঃগাঁথনিৰ উন্নয়ন হ’লে ইয়ালৈ পৰ্যটকসকল বেছিকৈ আহিব । এই জিলাখনত উন্নত মানৰ হোটেল নিৰ্মান হ’লে বাহিৰৰ পৰা ইয়ালৈ মানুহৰ অহা-যোৱা বৃদ্ধি পাব আৰু প্ৰকৃতিৰ আনন্দ উপভোগ কৰাৰ লগতে ইয়াৰ জনজীৱনৰ একাত্ম হ’ব ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষক ডিমা হাছাও জিলাক এক বৃহৎ পৰ্যটন কেন্দ্ৰস্থল হিচাবে গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলি মন্ত্যব কৰে ৰাজ্যপালগৰাকীয়ে ৷

তেওঁ আৰু কয় যে অসমৰ ৰাজ্যপাল হিচাবে 5 মাহ হৈছে দায়িত্ব লোৱা আৰু এই সময়চোৱাত আমি প্ৰত্যেক জিলাত গৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিভিন্ন আঁচনিৰ কাম কিদৰে চলিছে ইয়াৰ পৰ্যালোচনা কৰা হৈছে ৷ যাতে এই আঁচনিসমূহৰ জৰিয়তে ৰাইজৰ লাভ হয় ।

ডিমা হাছাওত স্বায়ত্ব শাসিত পৰিষদ থকাৰ বাবে ৰাজ্যৰ অন্যান্য জিলাৰ পৰা ইয়ালৈ কাম কৰাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত ভিন্নতা আছে বুলিও মন্ত্যব কৰে ৰাজ্যপালগৰাকীয়ে ৷ দুদিনীয়া ভ্ৰমণ সূচীৰে বুধবাৰে ডিমা হাছাও জিলাত আহি উপস্থিত হৈ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই বৃহস্পতিবাৰ পুৱা হাফলং-উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সন্মুখত ড৹ ভীমৰাও আম্বেদকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ।

ইয়াৰ পিচতে ৰাজ্যপালগৰাকীয়ে হাফলং চহৰত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে হাফলং অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন সেৱা ‘ব্লাড বেংক আইচিইউ’ আৰু ‘অক্সিজেন প্লেণ্ট’ আদি পৰিদৰ্শন কৰাৰ উপৰি হাস্পতাল কৰ্তৃপক্ষ আৰু চিকিৎসকসকলৰ লগত বৈঠকত মিলিত হয় । ইয়াৰ পিচতে ৰাজ্যপালগৰাকীয়ে জাতিংগাৰ পৰ্যটনস্থলী পৰিদৰ্শন কৰে ।

লগতে পঢ়ক: Assam governor visit Haflong: দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাছাও উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.