ETV Bharat / state

ডিমা হাছাওত 70 টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত - তুলনামূলক নিৰাপদ

ডিমা হাছাও জিলাত 246 টা ভোট গ্ৰহণ কেন্দ্ৰৰ মাজত 70টা ভোট গ্ৰহণ কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে জিলা প্ৰশাসনে । ইয়াৰ উপৰিও 76 টা ভোট গ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰাৰ লগতে তুলনামূলক নিৰাপদ হিচাপে চিনাক্ত কৰা হৈছে 100 টা ভোট গ্ৰহণ কেন্দ্ৰক।

ডিমা হাছাওত 70 টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত

author img

By

Published : Mar 4, 2021, 10:35 PM IST

ডিমা হাছাও 4 মাৰ্চ: ডিমা হাছাও জিলাত 246 টা ভোট গ্ৰহণ কেন্দ্ৰৰ মাজত 70টা ভোট গ্ৰহণ কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে জিলা প্ৰশাসনে । ইয়াৰ উপৰিও 76 টা ভোট গ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰাৰ লগতে তুলনামূলক নিৰাপদ হিচাপে চিনাক্ত কৰা হৈছে 100 টা ভোট গ্ৰহণ কেন্দ্ৰক ।

ইপিনে 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 46 হাজাৰ 183 গৰাকী ৷ ইয়াৰ মাজতে পুৰুষ ভোটাৰৰ সংখ্যা 73 হাজাৰ 463 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 72 হাজাৰ 720 গৰাকী। আনহাতে হাফলং বিধানসভা সমষ্টিক 11 টা জ’ন আৰু 67 টা চেক্টৰত ভাগ কৰা লগতে 11 গৰাকী জ’নেল অফিচাৰ আৰু 67 গৰাকী চেক্টৰ অফিচাৰ নিয়োগ কৰা হৈছে ।

বৃহস্পতিবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত এখন সংবাদমেল সম্বোধন কৰি জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্নি বিষয়া পল বৰুৱাই কয় যে, এইবেলি 80 বছৰ উৰ্ধৰ লোক সকলে পোষ্টেল বেলেটত ভোট দিব পাৰিব ৷ লগতে প্ৰতিবন্ধী ব্যক্তি বা ক'ৰণাত আক্ৰান্তত সন্দেহ জনক ৰোগী সকলে পোষ্টেল বেলেটত নিজৰ ভোট দিব পাৰিব আৰু বিএলও সকলে পোষ্টেল বেলট লৈ এই ব্যক্তি সকলৰ ঘৰতে উপস্থিত হ’ব ৷ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব অহা 9 মাৰ্চত বুলি জনাই জিলা উপায়ুক্ত গৰাকীয়ে ৷ এতিয়া লৈ কে 80 বছৰৰ উৰ্ধত থকা আৰু প্ৰতিবন্ধি 1700 গৰাকী ভোটাৰৰে পোষ্টেল বেলটৰ জড়িয়তে ভোট দিয়াৰ বাবে আবেদন কৰে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত পল বৰুৱাই ।

লগতে পঢ়কঃৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.