ETV Bharat / state

আঘোণৰ পথাৰ: পকা ধানৰ আমোলমোল গোন্ধত মতলীয়া চহা কৃষক - আঘোণৰ পথাৰ

চৌদিশে মাথোঁ পকা ধানৰ আমোলমোল গোন্ধ ৷ আঘোণী মলয়া বা লাগি লহপহকৈ বাঢ়িছে কৃষকৰ সপোনৰ খেতিডৰা ৷ যাৰ বাবে ব্যস্ততা অন্ত নাই কৃষক-দাৱনীৰ মাজত ৷

paddy field
পকা ধানৰ আমোলমোল গোন্ধত মতলীয়া চহা কৃষক
author img

By

Published : Nov 18, 2021, 7:45 PM IST

ডিব্ৰুগড়, 18 নৱেম্বৰ : আঘোণ মানেই সোণালী পথাৰ ৷ আঘোণ মানেই কৃষকৰ ব্যস্ততা । লহপহকৈ বাঢ়ি সোণালী হোৱা পথাৰখনক লৈ ব্যস্ততাৰ সীমা নাই কৃষক ৰাইজৰ মাজত ।

সোণোৱালী পথাৰত এতিয়া কেৱল ধান কটাৰ কেচ্ কেচ্ শব্দ ৷ হাতত কাঁচি লৈ সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকলো । আনপিনে দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল । হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ ।

পকা ধানৰ আমোলমোল গোন্ধত মতলীয়া চহা কৃষক

কিয়নো শাওনৰ বোকাত কপালৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা হেঁপাহৰ পথাৰখন এতিয়া হৈ পৰিছে সোণবৰণীয়া ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ হাটখোলা গাঁৱৰ ধাননি পথাৰতো চহা কৃষকৰ নাই তৰণি ৷ আঘোণী ধান কটাত ব্যস্ত দাৱনীসকল ৷ কেৱল ধান কটাই নহয়, আপোন খেতিডৰাৰ সোণ বৰণীয়া ৰূপ দেখি আনন্দত আত্মহৰা হৈ পৰিছে কৃষক-দাৱনী ৷

আঘোণী মলয়াৰ বা, সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ, কাঁচিৰ খচখচনিয়ে আঘোণী পথাৰত যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ ৷ নাচ-বাগ কৰি কৃষক-দাৱনীয়ে দিছে আনন্দৰ বতৰা ৷ ইফালে ব্যস্ততাৰ মাজতো পথাৰতে হাটখোলা গাঁৱৰ দাৱনীসকলে লৈছে নিমখ-জলকীয়াৰে ৰবাব টেঙাৰ জুতি ৷

গাঁৱে ভূঁঞে এতিয়া পুৰুষ-মহিলাসকল ব্যস্ত লখিমীক ঘৰলৈ আদৰাৰ বাবে । হাতত পকা ধানৰ পাতৰ আঁচোৰ, অথচ বুকুত অপাৰ আনন্দ । হাতৰ মুঠিত চহা কৃষক ৰাইজে আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ । এয়াই এতিয়া ৰাজ্যৰ আঘোণা পথাৰৰ ব্যস্ততা ৷

লগতে পঢ়ক : পদূলিমুখত আঘোণ: লখিমীক আদৰিবলৈ সাজু ৰাজ্যৰ চহা কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.