মৰাণ, 29 জুলাই : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তগৰ্ত বিভিন্ন গ্ৰামাঞ্চলত ব্যাপকভাৱে বৃদ্ধি পাইছে অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা । সাপেখাতীৰ কানুগাঁও, ভোগবাৰী, টাইৰাই, চতিয়নাগুৰি, বালিখেতিয়া, গৰিয়াছিগা, আদি অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে অবৈধ চুলাই মদৰ বেপাৰ । বুধবাৰে সাপেখাতীৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগে সুৰাৰ বিৰুদ্ধে অভিযান চলায় । চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ টিঙালীবাম চাহ বাগিচাৰ ৫ নং লাইন, নতুন গোহাঁই গাঁও, ভোগবাৰী, টাইৰাই, বৰাহী আদি অঞ্চলত ব্যাপকভাৱে অভিযান চলায় ।

সাপেখাতী আৰু টিঙালীবাম আৰক্ষীৰ সহযোগত পুৱাৰ ভাগত চলোৱা এই অভিযানত দলটোৱে অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ৬৩০ লিটাৰ গেলা গুৰ, সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত ৭টা যন্ত্ৰ আৰু প্ৰায় ১৫ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই মদ জব্দ কৰে ৷ আবকাৰী বিভাগে উদ্ধাৰ কৰা চুলাইখিনি নষ্ট কৰি পেলায় ৷

অভিযানকাৰী দলটোৱে অবৈধ সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ সৈতে জড়িত দুগৰাকী ব্যক্তিকো আটক কৰে । এই সন্দৰ্ভত আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ী দুজনৰ বিৰুদ্ধে মুঠ ১০ টা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত চৰাইদেউ জিলাতো অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে আৰক্ষী আৰু আবকাৰী বিভাগে ।
লগতে পঢ়ক : সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ : ৩১ জুলাইলৈকে সময়সীমা