মৰাণ,17 মে’: ডিব্ৰুগড়ৰ মৰাণত সাজু হৈ উঠিছে দুটাকৈ ক’ভিড কেয়াৰ চেণ্টাৰ ৷ ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ চকলিয়া নাৰদ কুমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু কচুমাৰি চাৰিআলিস্থিত বহুমুখী ভৱনত সাজু কৰি তোলা হৈছে ৷
উল্লেখ্য যে, 50 ৰ ঊৰ্ধৰ 84 গৰাকী ক’ভিড আক্ৰান্ত লোকক উক্ত দুয়োটা কেন্দ্ৰত চিকিৎসাৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে । স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি, দুই-এদিনৰ ভিতৰত দুয়োটা ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি কৰা হ’ব ।
ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ কুমাৰ মোৰিয়া বৃহত্তৰ মৰাণ অঞ্চলত এই পৰ্যন্ত হাজাৰৰো ঘৰ অতিক্ৰম কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই ।
লগতে পঢ়ক : 'দ্য ইভেণ্ট'ৰ উদ্যোগত যোৰহাটত অৰ্কিড ৰোপণ কাৰ্যসূচী