ETV Bharat / state

মৰাণত প্ৰয়াত তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

author img

By

Published : Dec 12, 2020, 12:36 PM IST

বন্তি প্ৰজ্বলন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ নেতা কৰ্মী সকলৰ লগতে চিৰতৰুণ তৰুণ গগৈৰ গুণমুগ্ধ সকলে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত তাই আহোমৰ প্ৰাৰ্থনা, দিহানাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰাৰ্থনা পৰিবেশন কৰে।

tribute to late tarun gogoi
মৰাণত জননেতা তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

মৰাণ, 12 ডিচেম্বৰ : জননেতা তৰুণ গগৈৰ স্মৃতিত শান্তি সদ্ভাৱনা যাত্ৰাৰ লগত সংগতি ৰাখি শুকুৰবাৰে উজনি অসমৰ মৰাণতো অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

মাহমৰা ব্লক কংগ্ৰেছৰ উদ্যোগত উজনি অসমৰ মৰাণত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ, অসম মজদুৰ কংগ্ৰেছৰ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ কমিটিৰ সদস্য প্ৰাঞ্জল ঘাটোৱাৰ, বিৰোধী দলৰ সভাপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শ‌ইকীয়াৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা মাহমৰা সমষ্টিৰ যুৱনেতা সুৰুয দিহিঙ্গীয়াই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত চিৰতৰুণ তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন শুভাৰম্ভ কৰে বৈষ্ণৱ ভকত অনিল বৰুৱাই। এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ নেতা কৰ্মী সকলৰ লগতে চিৰতৰুণ তৰুণ গগৈৰ গুণমুগ্ধ সকলে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত তাই আহোমৰ প্ৰাৰ্থনা, দিহানাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰাৰ্থনা পৰিবেশন কৰে।

আনহাতে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙে প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যি গান ৰচিছিল সেই গানটি প্ৰসংশা কৰে গৌৰৱ গগৈয়ে।

লগতে পঢ়ক: তিৱা সাজ পৰিধান কৰি নৃত্যত মতলীয়া বিধায়িকা আঙুৰলতা ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.