ETV Bharat / state

প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author img

By

Published : May 17, 2021, 6:34 PM IST

প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ একেটা অনুষ্ঠানতে ক’ভিডত অকাল মৃত্যুক সাৱটি লোৱা সাংবাদিক ৰুবুল দিহিঙীয়াৰ প্ৰতি গভীৰ শোক প্ৰকাশ ডিব্ৰুগড়ৰ সাংবাদিক মহলৰ ৷

tribute to journalist porag kumar das in dibrugargh
প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিব্ৰুগড়, 17 মে': বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়ৰ সাংবাদিক মহলৰ সহযোগত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত অনুস্থিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা সাংবাদিক-লেখক চন্দন ফুকনে ।

কাৰ্যসূচীত সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, খোৱাং প্ৰেছ ক্লাবৰ বিষয়ববীয়া ঋষেশ্বৰ বৰুৱা, জেষ্ঠ সাংবাদিক মনোজ পাণ্ডে, ভিডিঅ জাৰ্নেলিষ্ট স্বপ্নশ্ৰী গোস্বামী, সন্তোষ যাদৱ, ইফটিকাৰ হুছেইন, দিনেশ দাস, বাসু দেৱনাথ, সুজয় ভৌমিক, ৰাহুল মণ্ডল, মহানন্দ দত্ত আদি সকল উপস্থিত থাকে । ১৯৯৬ চনৰ ১৭ মেত গুৱাহাটীত হত্যাৰ বলি হোৱা সাংবাদিক গৰাকীৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰাত প্ৰতিখন চৰকাৰ বিফল হৈ আহিছে ।

২৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো কোনো এখন চৰকাৰে সাংবাদিক গৰাকীৰ হত্যাকাৰীক আটক কৰি শাস্তি প্ৰদানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিউল হ’ল । বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সোমবাৰে মহামাৰী ক'ভিডত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা বোকাজানৰ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা লগতে সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক : ৰহাত বিধ্বংসী অগ্নিকাণ্ডত এজন যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.