ETV Bharat / state

জীৱন মৰাণক লৈ অধিক তথ্য দিয়াৰ পৰা বিৰত আৰক্ষী - জীৱন মৰাণৰ প্ৰত্যাৱৰ্তন

বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত থাকিব জীৱন মৰাণ ৷ জীৱন মৰাণৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত বিশেষ মন্তব্য প্ৰকাশ নকৰিলেও জীৱন মৰাণৰ ওপৰত থকা পূৰ্বৰ গোচৰৰ ক্ষেত্ৰত ল’ব লগা আইনী ব্যৱস্থাৰ এক ইংগিত দিলে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে ।

জীৱন মৰাণক লৈ অধিক তথ্য দিয়াৰ পৰা বিৰত আৰক্ষী

author img

By

Published : Apr 29, 2021, 10:58 PM IST

Updated : Apr 30, 2021, 10:56 AM IST

ডিব্ৰুগড়, 29 এপ্ৰিল : জীৱন মৰাণৰ ওপৰত থকা গোচৰ সমূহৰ আইনী ব্যৱস্থাৰ দিহা কৰিছে অসম আৰক্ষীয়ে । বৃহস্পতিবাৰে আৰক্ষীৰ জিম্মাত ৰখা হ'ব প্ৰাক্তন আলফা নেতা জীৱন মৰাণক ৷ ইতিমধ্যে এই কথা সদৰি কৰিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে ।

অসম অৰুণাচল সীমান্তৰ পৰা অসম আৰক্ষীয়ে চমজি লোৱা আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা গৰাকীক প্ৰথমে ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আৰক্ষী চাউনিলৈ অনা হয় ৷ ইয়াৰ পাচতে সন্ধিয়া পৰত ডিব্ৰুগড় সদৰ থানালৈ লৈ যোৱা হয় জীৱন মৰাণক ৷ উল্লেখ কৰিব লাগিব, জীৱন মৰাণৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত এতিয়াও স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ডিব্ৰুগড় আৰক্ষী ৷

জীৱন মৰাণক লৈ অধিক তথ্য দিয়াৰ পৰা বিৰত আৰক্ষী

লক্ষ্যণীয় ভাৱে কাকপথাৰৰ নিবাসী জীৱন মৰাণক অৰুণাচলৰ পৰা তিনিচুকীয়া আৰক্ষীৰ বিপৰীতে ডিব্ৰুগড়ৰ আৰক্ষীয়ে কিয় চমজি ল'লে, তাক লৈও এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে ৷ অৱশ্যে অতি সোনকালে জীৱন মৰাণৰ সন্দৰ্ভত অসম আৰক্ষীৰ ফালৰ পৰা কিছু কথা ৰাইজক অৱগত কৰা হ'ব বুলি জানিবলৈ দিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে ।

এক বিশেষ সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, এক সশস্ত্ৰ সংগঠন "মৰাণ ৰাষ্ট্ৰীয় মুক্তি বাহিনী" সক্ৰিয় হৈ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ সময়তে মৰাণ জনগোষ্ঠীয় এই গৰাকী আলফা নেতাৰ প্ৰত্যাৱৰ্তনক লৈ অসম আৰক্ষী যথেষ্ট চিন্তা আৰু সন্দেহত আছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰটোৰ মতে জীৱন মৰাণে বৰ্তমানলৈকে এই সশস্ত্ৰ সংগঠনৰ বিষয়ে একো নাজানো বুলিয়েই আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত প্ৰকাশ কৰিছে। তদুপৰি সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰিবলৈ জীৱন মৰাণক সুযোগ দিয়া পৰিলক্ষিত নহ'ল ৷

উল্লেখ্য যে, সন্ধিয়া ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানালৈ অনাৰ সময়ত জীৱন মৰাণক শাৰীৰিক অসুস্থতাত ভুগি থকা যেন দেখা যায় ৷ ইতিমধ্যে প্ৰাক্তন আলফা নেতাজনৰ ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ লগতে জীৱন মৰাণ সামান্য কাঁহ আৰু ৰক্তচাপত ভুগি আছে বুলি জানিবলৈ দিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

লগতে পঢ়ক: জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ

Last Updated : Apr 30, 2021, 10:56 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.