ETV Bharat / state

মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Feb 12, 2022, 1:02 PM IST

মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত অনুষ্ঠিত প্ৰথম অভিধান প্ৰণেতা টাই পণ্ডিত টেঙাই মহনৰ প্ৰথম বাৰ্ষিকীৰ বঁটা প্ৰদান অনুষ্ঠান ৷ বিশিষ্ট গৱেষক জ্ঞানানন্দ ফুকনলৈ টেঙাই মহন বঁটাৰ সন্মান (Tengai mohan Award Ceremony at Moran)৷

tengai-mohan-award-ceremony-at-moran
মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান

মৰাণ,12 ফেব্ৰুৱাৰী : অসমীয়া জাতিক সবল কৰিবলৈ নতুন প্ৰজন্মই আহোমৰ বুৰঞ্জী অধ্যয়ন কৰাতো অতিকৈ প্ৰয়োজন ৷ টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰথম অভিধান প্ৰণেতা টাই পণ্ডিত টেঙাই মহনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত এনেধৰণে মন্তব্য কৰে বিশিষ্ট গৱেষক জ্ঞানানন্দ ফুকনে(Tengai mohan Award Ceremony at Moran)৷

উল্লেখ্য যে, টাই আহোম যুৱ পৰিষদ অসমৰ প্ৰথম বাৰ্ষিকী অনুষ্ঠানত প্ৰথমবাৰৰ বাবে টেঙাই মহন বঁটা প্ৰদান কৰা হয় বিশিষ্ট টাই ভাষাবিদ, বুৰঞ্জিবিদ, তথা ভাষা-সংস্কৃতিৰ গৱেষক মানচাও জ্ঞানানন্দ ফুকনক(Tengai mohan Award to Researcher Gyanananda Phukan) । মৰাণ খোৱাঙৰ হালধিবাৰী বৰপথাৰ দেওধাই গাঁৱত টাই আহোম যুৱ পৰিষদ অসম, কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা, মৰাণ মহকুমা সমিতিৰ উদ্যোগত তথা খোৱাং আৰু হালধিবাৰী ৰাইজৰ সহযোগত পণ্ডিত টেঙাই মহনৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি প্ৰথম বাৰ্ষিকী অসমৰ প্ৰথম অভিধান প্ৰণেতা টাই পণ্ডিত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান শুক্ৰবাৰে অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে টাইপা'ৰ(TAYPA) কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি । ইফালে সংবাদমাধ্যমযোগে আহোমৰ ইতিহাস প্ৰসিদ্ধ সম্বল সমূহ সংৰক্ষণ বাবে চৰকাৰক দাবী জনায় বিশিষ্ট গৱেষক জ্ঞানানন্দ ফুকনে ৷

লগতে পঢ়ক : শিল্পী ৰবিৰাম ব্ৰহ্ম-মন্টু দাসলৈ আৰ্টিষ্ট গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.