ETV Bharat / state

Student in paddy field: শাওণৰ পথাৰত ব্যস্ত মৰাণৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

author img

By

Published : Aug 9, 2022, 8:11 PM IST

বিদ্যালয়ত নহয় খেতিপথাৰত ছাত্ৰ-ছাত্ৰী(Student in paddy field) । ছাত্ৰই যদি হাল বাইছে, ছাত্ৰী সকল ব্যস্ত হৈ পৰিছে ভুঁই ৰোৱাত । মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ছাত্ৰ- ছাত্ৰী সকলক লৈ আয়োজন কৰিলে ভুঁই ৰোৱা পৰ্বৰ ।

students busy in paddy field at moran
শাওণৰ পথাৰত ব্যস্ত মৰাণৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

মৰাণ,৯ আগষ্ট: ৰাজ্যৰ বিদ্যালয়সমূহত এতিয়াও কি ভাষাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব তাক লৈ চলিছে বিতৰ্ক । কাৰ সন্তানে কি ভাষাৰ মাধ্যমৰ বিদ্যালয়ত পঢ়িব তাক লৈ চলিছে প্ৰতিযোগিতা । তেনে সময়ত মৰাণৰ এখন বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য । শ্ৰেণীকোঠা এৰি মৰাণৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকল নামিল খেতি পথাৰত(Student in paddy field) ।

পুথিগত শিক্ষাৰ ওপৰিও ছাত্ৰ-ছাত্ৰীক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে মৰাণৰ বাল্য বিকাশ বিদ্যালয় কৰ্তৃপক্ষৰ এই বিশেষ পদক্ষেপ । কৃষিকৰ্মই এখন বৃহৎ সমাজ কেনেকৈ ধৰি ৰাখে, গ্ৰাম্য জীৱনৰ ৰাইজে পৰস্পৰে কেনেকৈ সহায় লয় আৰু কৰে তাক অনুভৱ কৰোৱাৰ উদ্দেশ্যেই মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ভুঁই ৰোৱাৰ আয়োজন । সকলো ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিছে ।

অভিভাৱক তথা স্থানীয় ৰাইজেও আগবঢ়াইছে সহযোগিতা । নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থী সকলক উপলব্ধি কৰোৱাৰ উদ্দেশ্যে এক বিশাল আয়োজন৷ নাঙল-যুঁৱলি, মৈ, শলমাৰি, যোঁতজৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইমুঠি কঠিয়া থাকে আদি জনাবৰ বাবেই এই আয়োজন কৰা হৈছে । মঙলবাৰে পুৱাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল এইদৰে নামিল পথাৰত । পুৰণি সময়ৰ দৰে কলপটুৱাৰ ডোঙত পথাৰতে ছাত্ৰ-ছাত্ৰীসকলক দিয়া হৈছে জলপান । আনন্দ উল্লাসেৰে কৃষি কৰ্মত ছাত্ৰ-ছাত্ৰীসকল ব্যস্ত হোৱাৰ দৃশ্যই বহুতকে কৰি তুলিলে আপ্লুত ।

লগতে পঢ়ক: Bhupen Borah counter reply to Prashanta Phukan: চটফটনিৰ সীমা নোহোৱা হৈছে প্ৰশান্ত ফুকনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.