ETV Bharat / state

Football Tournament at Dibrugarh: শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি - Football Tournament at Dibrugarh

ডিব্ৰুগড়ৰ বকুল মাজ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় মটক সমাজৰ আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ট্ৰফী ফুটবল প্ৰতিযোগিতা । ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘই আয়োজন কৰা ২১ সংখ্যক ফুটবল প্ৰতিযোগিতাখনি সোমবাৰে সামৰণি ঘটে(Sri Sri Aniruddha Dev Memorial Football Tournament) ।

sri sri aniruddha dev memorial football tournament
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণী
author img

By

Published : Oct 25, 2022, 4:59 PM IST

ডিব্ৰুগড়,২৫ অক্টোবৰ: মটক সমাজৰ আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ সোঁৱৰণত ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘই আয়োজন কৰি অহা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ট্ৰফী ফুটবল প্ৰতিযোগিতা ২১ সংখ্যক ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে চূড়ান্ত খেলখন বকুল মাজ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ যায়(Sri Sri Aniruddha Dev Memorial Football Tournament) । চূড়ান্ত খেলখনি অনুষ্ঠিত হয় ডিব্ৰুগড় চাহ মজদুৰ সংঘ ক্লাব বনাম ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘৰ মাজত ।

শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণী

খেলখনি আৰম্ভণিৰ পূৰ্বে লাহোৱালৰ শ্ৰী শ্ৰী মদাৰখাত সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰাৰ্থপ্ৰতীম গোস্বামী, জ্যেষ্ঠ গাওঁবুুঢ়া হেম দত্ত, ডিম্বেশ্বৰ হাজৰিকা, নৰেন্দ্ৰ হাজৰিকা, পূৰ্বেশ্বৰ ফুকন, ব্ৰজেন বৰুৱা, কাঁচিনাথ কোঁৱৰ, সমাজসেৱক মানিক দত্ত, লাহোৱাল ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লক্ষ্যধৰ চেতিয়াৰ উপস্থিতিত দুয়ো দলৰ খেলুৱৈ সকলক চিনাকি কৰি দিয়া হয় । ইয়াৰ পিছতে আৰম্ভ হয় খেলখন(Football Tournament at Dibrugarh) ।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনিৰ প্ৰথমাৰ্দ্ধত চাহ মজদুৰ সংঘ ক্লাবে ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত খেলখনিৰ বিজয়ী খিতাপ অৰ্জন কৰে । বিজয়ী দলক ১৫০০০ হাজাৰ টকা আৰু বিজেতা দলক ১০০০০ হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰে আয়োজক সমিতিয়ে । সাংবাদিক বিজন্ত গগৈয়ে আঁত ধৰে বঁটা বিতৰণী অনুষ্ঠানটিৰ ।

ডিব্ৰুগড় ৰেফাৰী সন্থাৰ সম্পাদক ৰাজীৱ শইকীয়া,জ্যেষ্ঠ সাংবাদিক কনৌজ শইকীয়া, মটক স্বায়ত্ত শাসিত পৰিষদৰ দীপজয় শইকীয়া, ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘৰ উপদেষ্টা তাৰিনী চেতিয়া, সভাপতি থানুৰাম ফুকন, উপ-সভাপতি ৰঞ্জন হাজৰিকা, সম্পাদক উৎপল হাজৰিকা, দাতা সঞ্জীৱ হাজৰিকা, সমাজকৰ্মী দয়ানন্দ শ্বাহ, ফুটবল খেলৰ আয়োজক সমিতিৰ সভাপতি লাচিত হাজৰিকা, সম্পাদক টিৰাপ দত্তকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে বঁটা বিতৰণী অনুষ্ঠানত ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.