ETV Bharat / state

Rangali Bihu Celebration: আখৰাত ব্যস্ত কুসুম কৈলাস

author img

By

Published : Apr 9, 2022, 3:53 PM IST

বাপতি সাহোন বিহুলৈ মাজত মাত্ৰ কেইটামান দিন (Rangali Bihu celebration)৷ ৰাজ্যবাসীৰ মাজত এতিয়া উছাহৰ ধল ৷ বিহু মঞ্চৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে জনপ্ৰিয় কণ্ঠশিল্পীসকলে ৷ কণ্ঠশিল্পী কুসুম কৈলাসৰ আখৰাস্থলীৰ পৰা উমাকান্ত বৰুৱাৰ এক প্ৰতিবেদন ইটিভি ভাৰতৰ দৰ্শকসকলৰ বাবে...

Rangali Bihu Celebration
বিহু মঞ্চৰ বাবে সাজু কুসুম কৈলাস

মৰাণ, 9 এপ্ৰিল: অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী (Rangali Bihu celebration)। বাপতি সাহোন বিহুটিক আদৰিবলৈ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । ঢোল–পেঁপাৰ শব্দত ৰজনজনাইছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত । সেমেকা শীতৰ স্পৰ্শ পাই লঠঙা হোৱা বিৰিখত বসন্তৰ নকৈ গজা কোঁহবোৰত সেউজীয়া বৰণ ছটিয়াই বাসন্তিবুলীয়া সাজেৰে সুশোভিতা হৈছে প্ৰকৃতি ।

বিহু মঞ্চৰ বাবে সাজু কুসুম কৈলাস

ইয়াৰ লগে লগে বিহু মঞ্চৰ বাবে সাজু হৈছে জনপ্ৰিয় কণ্ঠশিল্পীসকল । মৰাণত আখৰাস্থলীত ব্যস্ত কুসুম কৈলাসৰ লগতে কলা-কুশলীসকল । দুটা বছৰৰ অন্তত পুনৰ মঞ্চ কঁপাবলৈ প্ৰস্তুতি চলাইছে কুসুম কৈলাসে (Singer Kusum Kailash)। পহিলা বহাগৰ পৰাই অনুষ্ঠান আৰম্ভ হ'ব জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ । ন- পুৰণি সকলো গীত লৈ বিহু মঞ্চৰ বাবে সাজু হোৱা বুলি জানিবলৈ দিয়ে কুসুম কৈলাসে । আখৰাস্থলীৰ পৰাই ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনালে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ।

লগতে পঢ়ক: অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.