ETV Bharat / state

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত 52 জনৰ দেহত ক’ভিড পজিটিভ

author img

By

Published : May 18, 2021, 10:54 PM IST

ডিব্ৰুগড় জিলাত ক্ৰমাগতভাৱে অধিক ভয়াৱহ হৈ পৰিছে ক’ভিড সংক্ৰমণ ৷ মঙলবাৰে জিলাখনৰ কেন্দ্ৰীয় কাৰাগাৰত 52 জনৰ দেহত পোৱা গৈছে ক’ভিডৰ অৱস্থিতি ৷

scary situation of covid on dibrugarh
ক্ৰমাগতভাৱে অধিক ভয়াৱহ ডিব্ৰুগড়ৰ ক’ভিড পৰিস্থিতি

ডিব্ৰুগড়, 18 মে’: দেশ জোকাৰি গৈছে কৰ’ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ৷ অক্সিজেনৰ অভাৱত দেশজুৰি মৃত্যুমুখত পৰিছে বহু সংখ্যক লোক ৷ ভেকচিনৰ অভাৱত হাহাকাৰ কৰিছে দেশবাসীয়ে ৷ সমগ্ৰ দেশৰ লগতে অসমতো সম্প্ৰতি ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্ত তোকৰ সংখ্যা ৷

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অতি ভয়াৱহ ৰূপত দৈনিক অৱনতি হৈছে ক’ভিড পৰিস্থিতিৰ । মঙলবাৰ পৰ্যন্ত জিলাখনত মুঠ ৭ জন লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ মঙলবাৰৰ দিনটোত জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে ৪১৩ জন লোক ।

জিলাখনত বৰ্তমানেও সৰ্বমুঠ ৮৪৭১ জন লোক কৰ’ণাত আক্ৰান্ত হৈ থকাৰ লগতে আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে, মঙলবাৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ৫২ জনকৈ কয়দীৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ৷

মন কৰিবলগীয়া যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আক্ৰান্ত সকলৰ ভিতৰত আছে কাৰাবন্দী আলফা নেতা জীৱন মৰাণ ৷ মঙলবাৰে বৰ্ষীয়ান আলফা নেতা গৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷

লগতে পঢ়ক : নিশা চিকিৎসালয়ত বাধ্যতামূলক চিকিৎসকৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.