নাহৰকটীয়া, ১ আগষ্ট : ষাঠি দশকতে ডিব্ৰুগড় জিলাৰ নামৰূপত ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীন ব্ৰক্ষ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড অৰ্থাৎ নামৰূপ সাৰ কাৰখানা চিৰকাললৈ বন্ধৰ দিশে গতি কৰিছে । বিশেষকৈ নীতি আয়োগৰ কমিটি অৱ্ গ্ৰুপ অৱ্ অফিচাৰ্ছ (চিজিঅ’)ৰ বৈঠকত বন্ধ কৰাৰ পৰামৰ্শ ফাদিল হোৱা পিচৰে পৰা নামৰূপ দল, সংগঠন, স্থানীয় ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদত উত্তাল হৈ আছে বিগত এটা পষেক ।
উত্তৰ-পূবৰ একমাত্ৰ সাৰ কাৰখানাটোৱে ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ পৰা অনুমোদন পোৱাৰ পিচতো উদ্যোগটোৰ প্ৰস্তাৱিত চতুৰ্থ গোটটো আজি পৰ্যন্ত হৈ নুঠিল আৰু এতিয়া ৰাজ্যৰ কৃষি অৰ্থনীতিৰ লগতে উদ্যোগটোৰে প্ৰত্যক্ষভাৱে জড়িত চাৰি শতাধিক স্থায়ী কৰ্মচাৰী, সাত শতাধিক অস্থায়ী তথা ঠিকাভিত্তিক কৰ্মচাৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে । আজি সাৰ কাৰখানাটোৰ তিনিওখন শ্ৰমিক ইউনিয়ন ক্ৰমে নামৰূপ ফাৰ্টিলাইজাৰ ৱকাৰ্চ ইউনিয়ন, নামৰূপ সাৰকাৰখানা শ্ৰমিক ইউনিয়ন আৰু নামৰূপ সাৰকাৰখানা ইণ্ডিপেণ্ডেন্ট ইউনিয়নে ইতিমধ্যে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই নামৰূপ সাৰ কাৰখানা বন্ধ নহয় তাৰ পৰিৱৰ্তে উদ্যোগটোৰ আধুনীকৰণ আৰু নেন’ ইউৰিয়াৰ প্ৰকল্প স্থাপন হ’ব বুলি কোৱা বক্তব্যৰ বিৰোধিতা কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া আশ্বাসত আশ্বস্ত নহয় উদ্যোগটোৰ ইউনিয়ন কেইখন তথা ইয়াৰ কৰ্মচাৰী সকল । আনহাতে সাৰ কাৰখানাটো জীয়াই ৰখাৰ স্বাৰ্থত বিভিন্ন দল সংগঠনে কৰা প্ৰতিবাদক আদৰণী জনাই আৰু এখন ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে তেওঁলোকে । মঙলবাৰে আটাইকেইখন ইউনিয়নে এই সন্দৰ্ভত সাংবাদিকেৰে মত বিনিময় কৰে । সাৰকাৰখানাৰ শ্ৰমিক ইউনিয়ৰ উপদেষ্টা তথা দীৰ্ঘদিন নামৰূপ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিতকৰণ আৰু প্ৰস্তাৱিত চতুৰ্থ গোটৰ সংগ্ৰামখনৰ সৈতে জড়িত তিলেশ্বৰ বড়াই কয় যে ইতিমধ্যে নামৰূপ সাৰ কাৰখানাটো জীয়াই ৰখাৰ স্বাৰ্থত বিগত দিনবোৰত যেনেদৰে আলাপ আলোচনা তথা গণতান্ত্ৰিক প্ৰতিবাদ আছিল সেইয়া অনাগত দিনটো অব্যাহত থাকিব ৷ এই সংগ্ৰামখন ৰাজ্যৰ সকলো দল সংগঠনে একেখন মঞ্চৰ পৰা ঐক্যবদ্ধতাৰে কৰাৰ পোষকতা কৰে তেওঁ । তেওঁ কয় ইতিমধ্যে নীতি আয়োগে নামৰূপ সাৰকাৰখানাৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ উঠাই ল’ব লাগে । উত্তৰ পূবক অষ্টলক্ষ্মী বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰি কাৰ্যক্ষেত্ৰত পৰিণত কৰক ।
উক্ত ইউনিয়নৰে সাধাৰণ সম্পাদক ধ্ৰুৱ শইকীয়াইয়ো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয় যে বৰ্তমান চলি থকা নামৰূপ সাৰকাৰখানাৰ তৃতীয় গোটটোৱে ৩৬ বছৰ অতিক্ৰম কৰিলে । ৰাসায়নিক উদ্যোগ একোটাৰ বয়স ১৫ ৰ পৰা ২০ বছৰ গতিকে তৃতীয় গোটটোৰ প্ৰযু্ক্তিৰ ম্যাদ উকলিল গতিকে সাৰ কাৰখানাটো কোন মুহূৰ্তত চিৰকাললৈ বন্ধ হয় একো ঠিক নাই । এই গোটটোৰ আধুনিকীকৰণ কৰাটো এটা অবৈজ্ঞানিক কথা ।
আনহাতে সাৰ কাৰখানাৰ ৱকাৰ্চ ইউনিয়নৰ সভাপতি বৈকুন্ঠ ঠাকুৰীয়াই কয় যে আন্দোলন কৰাটো আমাৰ অভ্যাস নহয় চৰকাৰে আমাক বাধ্য কৰাইছে । নামৰূপ সাৰ কাৰখানাক লৈ কেৱল প্ৰতাৰণায়ে চলি আহিছে৷ আনকি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ হ’ব বুলি কৈ নিৰ্বাচনৰ আগে আগে আধাৰশিলা স্থাপন কৰিছিল । সেই ফলক উদ্যোগটোত আজিও বিৰাজমান কিন্তু চতু্ৰ্থ গোটটো আজিও হৈ নুঠিল । অসমত তথা উত্তৰ-পূবত বছৰি প্ৰায় চাৰে ছয় লাখ মেট্ৰিকটন ইউৰিয়াৰ প্ৰয়োজন হয় নামৰূপ সাৰ কাৰখানাই মাত্ৰ দুইলাখ মেট্ৰিকটনহে উৎপাদন কৰি আছে বাকীখিনি ভাৰত চৰকাৰে অত্যাধিক দামত বিদেশৰ পৰা কিনি আনিছে । যদিহে ভাৰত চৰকাৰে বহি:ৰাষ্ট্ৰৰ পৰা কিনি অনা এই সাৰৰ মাত্ৰ দুই শতাংশ মূল্য ৰাহি কৰে তেতিয়াও নামৰূপৰ চতুৰ্থ গোটৰ বাবে প্ৰয়োজনীয় পূঁজি পোৱা যাব বুলি কৈ নামৰূপ সাৰ কাৰখানাটো বন্ধ হ’লে ৰাজ্যৰ কৃষিখণ্ডৰ লগতে চাহ উদ্যোগটো ব্যাপক প্ৰভাৱ পৰিব বুলি কয় ।
সাৰ কাৰখানাটোৰ আন এখন ইউনিয়ন ইণ্ডিপেণ্ডেন্ট ইউনিয়নৰ সাধাৰণ মৃণাল সন্দিকৈয়ে শেহতীয়াকৈ প্ৰকাশ পোৱা কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাসত তেওঁলোক আশ্বস্ত হোৱা নাই বুলি কয় । বিশেষকৈ পুৰণি উদ্যোগটোৰ আধুনিকীকৰণ এক অবাস্তৱ কথা বুলি কৈ সাৰ কাৰখানাটো জীয়াই ৰখাৰ বাবে একমাত্ৰ উপায় সাৰ কাৰখানাটোৰ চতুৰ্থ গোট বুলি উল্লেখ কৰে । তেওঁ কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰা নেন’ ইউৰিয়াৰ প্ৰকল্পটোত প্ৰায় ৫০ জন মান লোকেৰে পৰিচালিত কৰিব পৰা ১০০ কোটি টকা মানৰ এটা ক্ষুদ্ৰ উদ্যোগ বুলি অভিহিত কৰি ইয়াৰ ব্যৱহাৰ যোগ্যতাৰ ক্ষেত্ৰত পৰীক্ষাহে চলি আছে আৰু সফল নহ’বও পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ অসমৰ সকলো সাংসদ লগত লৈ প্ৰধানমন্ত্ৰীক চতুৰ্থ গোটটো নিৰ্মাণৰ বাবে আহ্বান জনাবলৈ অনুৰোধ জনায় । উল্লেখ্য যে অসমৰ স্বাভিমান নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিদৰে শ্ৰমিক ইউনিয়ন তথা অসমৰ ৰাইজক আশ্বস্ত কৰিব পাৰে সেইয়াহে লক্ষণীয় হ’ব ।
আনহাতে আজি নামৰূপত উপস্থিত হয় অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতি ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰে সংবাদ মাধ্যমৰ আগত কয় যে নামৰূপ সাৰ কাৰখানাৰ অত্যাধুনিকৰণ আৰু নেন’ ইউৰিয়া প্ৰকল্প নহয় নামৰূপত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট প্ৰদান কৰক ৷ এই সন্দৰ্ভত সংগঠনটোৱে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব বুলিও সদৰি কৰে ৷ আজি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে নামৰূপস্থিত সমূহ দল সংগঠনৰ সৈতে মত বিনিময় কৰে ৷
লগতে পঢ়ক : AAP Protest in Guwahati : নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত আপৰ প্ৰতিবাদ