ডিব্ৰুগড়, 24 জুন : বুধবাৰে ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ অসৎ কাৰ্যত লিপ্ত হোৱাৰ সন্দেহত এইবাৰ চিকিৎসকৰ নাম সাঙোৰ খাইছে ৷ চিকিৎসকৰ দৰে পবিত্ৰ মানৱসেৱাত ব্ৰতী হোৱা এগৰাকী চিকিৎসকে সতীৰ্থ এগৰাকী মহিলা চিকিৎসকৰ শ্লীলতা হানিৰ চেষ্টা কৰে ৷ অভিযোগৰ আঙুলি উত্থাপন কৰা চিকিৎসক গৰাকীৰ নাম হৈছে ডাঃ নয়নজ্যোতি ডেকা ৷
ঘটনাৰ বিবৰণী অনুসৰি, ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত বুধবাৰে নিশা কৰ্মৰত ৰেচিডেঞ্চ ডাঃ নয়নজ্যোতি ডেকাই শ্লীলতা হানিৰ চেষ্টা কৰে সতীৰ্থ এগৰাকীক ৷ অভিযোগ অনুসৰি চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই বুধবাৰে নিশা হাস্পতালৰ পঞ্চম মহলাত নিশাৰ আহাৰৰ কাৰণে নিমন্ত্ৰণ জনাইছিল সহকৰ্মী মহিলা চিকিৎসকগৰাকীক । তাৰপাচত ডেকাই সুৰা সেৱন কৰি সহকৰ্মী মহিলা চিকিৎসকগৰাকীক শ্লীলতা হানিৰ চেষ্টা কৰে ৷
উল্লেখ্য যে, মহিলা চিকিৎসক গৰাকীয়ে ডাক্তৰ নয়নজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৷
লগতে ভুক্তভোগী মহিলা চিকিৎসক গৰাকীয়ে ইতিমধ্যে আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১২২১/২১ নং গোচৰ পঞ্জীয়ন কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৩২৮ ধাৰাত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিছে ৷
এজন চিকিৎসকে সংঘটিত কৰা এনে অপকৰ্মৰ বিৰুদ্ধে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত ডাক্তৰ ডেকাই কৰা অপকৰ্মৰ কথা স্বীকাৰ কৰিছে ৷ এই কথা সদৰী কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷
লগতে পঢ়ক: কলগাছিয়াত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ