ETV Bharat / state

Pandmashri দুলাল মানকিক উষ্ম আদৰণি - Coke studio season 3

বিশিষ্ট লোকশিল্পী, সংগীতজ্ঞ পদ্মশ্ৰী দুলাল মানকিক বিপুল আদৰণি ডিব্ৰুগড়ত ৷

padmashri-dulal-manki-is-in-dibrugarh
পদ্মশ্ৰী দুলাল মানকিক উষ্ম আদৰণি
author img

By

Published : Nov 15, 2021, 9:50 PM IST

ডিব্ৰুগড়, 15 নবেম্বৰ : অসমৰ এগৰাকী আগশাৰীৰ লোকশিল্পী, সংগীতজ্ঞ দুলাল মানকি । বিশেষকৈ চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকসংগীতৰ এগৰাকী শিল্পী ঝুমুৰ সম্ৰাট দুলাল মানকিক তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে । ৰাষ্ট্ৰপতিৰ পৰা উক্ত বঁটা গ্ৰহণ কৰি সোমবাৰে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হয় বিশিষ্ট শিল্পী গৰাকী ।

পদ্মশ্ৰী দুলাল মানকিক উষ্ম আদৰণি

বিমান বন্দৰতে অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায় পদ্মশ্ৰী সন্মাল লাভ কৰা শিল্পী গৰাকীক । ইয়াৰ পাছতে বিশাল ৰেলীৰে তেখেতক নিজা গৃহ অভিমুখী আদৰণি নিয়া হয় । উল্লেখ্য যে ১৯৭৬ চনত তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ 'চাহ বনুৱাৰ আচৰ' অনুষ্ঠানত গীত গাবলৈ নিমন্ত্ৰণ লাভ কৰে ।

১৯৮২ চনত তেওঁ 'চাহ জনজাতিৰ লোকগীত' নামেৰে চাহ জনগোষ্ঠীৰ লোকগীতৰ সংগ্ৰহৰ প্ৰযোজনা কৰিছিল । তাৰপিছত তেওঁ বহু গীতত কণ্ঠদান কৰে । ২০১৩ চনত মুক্তি লাভ কৰা এমটিভি ক’ক ষ্টুডিঅ' চিজন ৩(Coke studio season 3)ৰ 'ঝুমুৰ - কি টকে বান্ধি দেলাই' নামৰ জনপ্ৰিয় গীত তেওঁ অংগৰাগ মহন্ত আৰু সীমান্ত শেখৰৰ সৈতে পৰিবেশন কৰিছিল । বিভিন্ন বঁটা বাহনেৰে বিভূষিত দুলাল মানকিয়ে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় ।
লগতে পঢ়ক : কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.