অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড় আবকাৰী বিভাগৰ অভিযান - অবৈধ সুৰা ব্যৱসায়
নৱবৰ্ষৰ প্ৰাকক্ষনত ডিব্ৰুগড় আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ সুৰা লগতে এজন অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ ডিকম,নাহৰতলী,ঘোঁৰামৰা,মদাৰখাট আদি এলেকাত চলাই এই অভিযান ৷ অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড় আবকাৰী বিভাগৰ 1 জানুৱাৰীলৈকে অব্যাহত থাকিব ।

অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড় আবকাৰী বিভাগৰ অভিযান
মৰাণ, 31 ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাকক্ষণত অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আবকাৰী বিভাগ। অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড়ত আবকাৰী বিভাগে অভিযান চলাই সুৰা লগতে অবৈধ সুৰা ব্যৱসায়ৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰে ৷

ডিব্ৰুগড় জিলা আবকাৰী বিভাগৰ লাহোৱাল আৰু চাবুৱা আবকাৰী বিভাগে ঘোঁৰামৰা আৰক্ষীৰ সহযোগত ডিকম,নাহৰতলী,ঘোঁৰামৰা,মদাৰখাট আদি এলেকাত অভিযান চলায় ৷ অভিযান কালত ৩০ লিটাৰ চুলাই মদ,২৫ লিটাৰ বিদেশী সুৰা জব্দ কৰে আবকাৰী বিভাগে ৷ আবকাৰী বিভাগে জানিবলৈ দিয়া মতে অবৈধ সুৰাৰ বিৰুদ্ধে এই অভিযান 1 জানুৱাৰীলৈকে অব্যাহত থাকিব ।

লগতে পঢ়ক: 2020 বৰ্ষত বিশ্বৰ দৰবাৰত অসমীয়া ছবি
Last Updated : Dec 31, 2020, 11:07 AM IST