ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত শীঘ্ৰে মুকলি হ’ব বহিঃবিভাগ - OPD of AMCH

ক’ভিড পৰিস্থিতিৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত পূৰ্বৰ দৰে ভিন্ন ৰোগীৰ সমাগম হোৱা নাই যদিও বৰ্তমানেও কমা নাই ক’ভিড ৰোগীৰ সংখ্যা ৷ আনহাতে, পৰৱৰ্তী দুটা সপ্তাহৰ ভিতৰত পুনৰ বহিঃবিভাগ মুকলি কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷

opd-of-amch-will-be-open-within-two-weeks-assam-etv-bharat
ক’ভিড পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ বহিঃ বিভাগ মুকলি কৰা হ’ব: এ এম চি এইচৰ অধীক্ষক
author img

By

Published : Jun 10, 2021, 1:56 PM IST

মৰাণ,10 জুন : ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত অন্যতম ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College) । ৰাজ্যৰ ভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড আদি স্থানৰ পৰাও প্ৰতি দিনাই বহু শতাধিক লোক ভিন্ন চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)লৈ আহে ।

কিন্তু ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবে এতিয়া অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত নাই পূৰ্বৰ পৰিৱেশ । 24 ঘণ্টাই বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰত ব্যস্ত অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া নীৰৱতা । ক’ভিডৰ বাবে বন্ধ কৰি দিয়া হ'ল অসম চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃবিভাগৰ চিকিৎসাসমূহ । পূৰ্ৱৰ দৰে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা এতিয়া অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত উপস্থিত হোৱা ৰোগীৰ সংখ্যা কমি আহিছে । কেৱল মাত্ৰ জৰুৰীকালীন চিকিৎসা(Emergency treatment)ৰ বাবে উপস্থিত হয় ৰোগীসকল ।

ক’ভিড পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ বহিঃ বিভাগ মুকলি কৰা হ’ব: এ এম চি এইচৰ অধীক্ষক

ডিব্ৰুগড়ত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও বৰ্তমানলৈ কমা নাই অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত ক’ভিড ৰোগীৰ সংখ্যা । বিগত কেইবাদিনৰ পৰা তিনিচুকীয়াৰ লগতে শিৱসাগৰ জিলাৰ পৰা বহুসংখ্যক ক’ভিড ৰোগী আহি ভৰ্তি হৈছে অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত ।

উল্লেখ্য যে, কিছু সংখ্যক ক’ভিড ৰোগীৰ সংখ্যা কমিলে আৰু ক’ভিড পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হ’লে অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ৰ বহিঃবিভাগ ৰাইজৰ বাবে মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ।

লগতে পঢ়ক : পৰীক্ষা সন্দৰ্ভত নতুন নিৰ্দেশনা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.