ডিব্ৰুগড়, 8 জুনঃ আনলক 1 ব্যৱস্থা প্ৰযোজ্য হোৱাৰ লগে লগেই ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী । মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদত নামি পৰিল একাংশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য । ডিব্ৰুগড় চহৰৰ চৌকিদিঙ্গিত সামাজিক দুৰত্ব মানি অখিল গগৈ,ধৈৰ্য্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তিৰ ভালেমান কৰ্মীয়ে ৷

লগতে পঢ়কঃ ওড়িশাত বিমান দুৰ্ঘটনা,নিহত ২
উল্লেখ্য যে,প্ৰতিবাদকাৰী সকলে অখিল গগৈৰ লগতে কৰাবন্দী সকলক অতি সোনকালে মুক্তি নিদিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।