মৰাণ,3 জুন : ৰাজ্যত এতিয়া ক'ভিডে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে । প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ক'ভিড ভয়াৱহতাৰ মাজতো ৰাজ্যত উন্নয়নৰ বাবে কাম কৰাত ব্যস্ত হৈ পৰিছে নতুন চৰকাৰৰ মন্ত্ৰী বিধায়ক সকল । বৃহস্পতিবাৰে দ্বিতীয় বাৰলৈ মৰাণৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰথম খন আঁচনিৰ কামৰ শুভাৰম্ভ কৰিলে চক্ৰধৰ গগৈয়ে ।

মৰাণ সমষ্টিৰ গৰুধৰীয়া পঞ্চায়তৰ অন্তৰ্গত পাৰলিগুৰিৰ পৰা তিনিচুকীয়া গাঁও সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে বিধায়ক জনে । বিধায়ক চক্ৰধৰ গগৈয়ে গৰুধৰীয়া পঞ্চায়তৰ সভানেত্ৰী নিতুমণি চেতিয়া গগৈ আৰু গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ উপস্থিতিত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ(SOPD) অসম ৰাজ্যিক অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ এক কোটি ত্ৰিশ লক্ষ টকাৰে নিৰ্মাণ হ'বলগীয়া পাৰলিগুৰিৰ পৰা তিনিচুকীয়া গাঁও সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে ।
লগত পঢ়কঃ নাৰ্চ : নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসা সেৱাত ব্ৰতী এইসকল ক’ভিড যোদ্ধা