মৰাণ, 27 মে' : মৰাণ বিধানসভা সমষ্টিৰ লেজাই পঞ্চায়তৰ লেপেটকটা চাহ বাগিচাৰ বৰলাইনত ক'ভিডত আক্ৰান্ত পৰিয়ালক সহাঁয়ৰ হাত আগবঢ়ালে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ পৰিয়াল সমূহক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিস্থিতি বুজ লয় ৷
ইফালে বৰলাইনৰ প্ৰতিটো পৰিয়ালৰ সদস্য সকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই সদস্য সকলৰ মাজত মাস্কও বিতৰণ কৰে ৷ সামগ্ৰী বিতৰণত লেজাই পঞ্চায়তৰ সভানেত্ৰী ৰীমা দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাজু নায়কৰ লগতে বিজেপি দলৰ বহু কেইগৰাকীয়ে কাৰ্য্যকৰ্তাই বিধায়ক গৰাকীক সহযোগীতা আগবঢ়ায় ৷
লগতে পঢ়ক: মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী