মৰাণ, 27 জুন : ক'ভিড পৰিস্থিতি উন্নত হ'লেই ৰাজ্যত আগবাঢ়িব নিৱনুৱা যুৱক-যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়া । এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ মানসেৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক ইতিমধ্যেই অনুষ্ঠিত হৈ যায় । এই বৈঠকত প্ৰতিটো বিভাগত খালী হৈ থকা পদসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । অৱশ্যে এইবাৰ বছৰি পাঁচ লাখৰ বিপৰীতে এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে ।
হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে 'সংকল্প পত্ৰ'ত ভাৰতীয় জনতা পাৰ্টীয়ে 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা কোৱাৰ উপৰিও আৰু এক লাখ চাকৰি 2022 ৰ 31 মাৰ্চৰ ভিতৰত প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল ৷ ব্যক্তিগত খণ্ডত 8 লাখ চাকৰিৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰিছে । সেইদৰে 'স্বয়ম' আঁচনিৰ জৰিয়তে 10 লাখ যুৱ উদ্যমী সৃষ্টি কৰিব আৰু পাঁচ বছৰত দুই লাখ যুৱকক প্ৰতিবছৰে সহযোগিতা আগবঢ়াব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ঘোষণা কৰিছিল ৰাজ্যৰ এক লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব ।
ৰাজহ বিভাগৰ 2700 টা খালী পদ অতি সোনকালে পূৰণ কৰিবলৈ চৰকাৰে অনুমোদন দিব বুলি দেওবাৰে প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে ৷
ইতিমধ্যে নিযুক্তিৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে খালী হৈ থকা পদসমূহত শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা হ'ব । এই মন্তব্য খনিজ, ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ । মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত সমূহীয়া কঠীয়াতলি মুকলি কৰি মন্ত্ৰী গৰাকীয়ে ৰাজহ বিভাগত গাঁওবুঢ়া, কেৰাণী, ড্ৰাইভাৰ, লাট মণ্ডল আদি 2700 পদ খালী হৈ আছে বুলি প্ৰকাশ কৰে ।
এই পদসমূহ বিভাগীয় নীতি-নিয়ম অনুসৰি অতি সোনকালে পূৰণ কৰা হ'ব । ৰাজহ বিভাগৰ এই পদসমূহ পূৰণৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে জিলা উপায়ুক্তসকলক কৰ্তৃত্ব দিয়া হৈছে বুলি জনায় মন্ত্ৰীজনে । লগতে চৰাইদেউ জিলাৰ খালী পদসমূহ পূৰণ কৰিবলৈ প্ৰতিটো বিভাগৰ সৈতে আলোচনা কৰা বুলিও কয় । নতুনকৈ গঠন হোৱা চৰাইদেউ জিলাৰ কৃষি বিভাগকে ধৰি প্ৰায় সকলো বিভাগতে কৰ্মচাৰীৰ অভাৱ হৈ থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক: বাজপেয়ী ভৱনত উষ্ম আদৰণি নৱনিযুক্ত সভাপতি ভৱেশ কলিতাক