মৰাণ, 24 জুলাই : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চ একত্ৰিত হৈ মৰাণত ৰূপায়ন কৰে এক মানৱ শৃংখল কাৰ্যসূচী ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে অখিল গগৈক মুক্তি দিয়ক, কা আমি নামানো, বিজেপি চৰকাৰ হায় হায়, আৰ এছ এছ হুচিয়াৰ আদি শ্ল'গান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । আনহাতে, ফুলাম গামোচাত অখিল গগৈক মুক্তি দিয়ক, জয় আই অসম আদি শ্ল'গান লিখি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰীসকল ।
আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকন ভূঞাই কয় যে, ‘‘অখিল গগৈক অতি ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে । বিজেপি চৰকাৰখনে জনতাৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলাইছে’’ । ইয়াক কেতিয়াও সহ্য কৰা নহ'ব বুলি সকীয়নি প্ৰদান কৰে সহকাৰী সম্পাদক গৰাকীয়ে ।
প্ৰতিবাদত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা বসন্ত সন্দিকৈয়ে কয় যে, ‘‘বিজেপি চৰকাৰখনে এতিয়া স্বৈৰতন্ত্ৰ চলাবলৈ আৰম্ভ কৰিছে’’ । আক্ৰোশমূলকভাৱে এই নেতাসকলক বন্দী কৰা কাৰ্যক তেওঁ ধিক্কাৰ দিয়াৰ লগতে অনাগত দিনত চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ চলাই যাব বুলি হুংকাৰ দিয়ে বসন্ত সন্দিকৈয়ে ।
লগতে পঢ়ক : তেল চুৰিৰ অভিযোগত আটক টেংকাৰৰ ড্ৰাইভাৰ