ডিব্ৰুগড়,19 ডিচেম্বৰঃ অসম জাতীয় পৰিষদত সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পিছতেই শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় লুৰীণজ্যোতি গগৈ । শনিবাৰে AJP ৰ সভাপতিগৰাকীয়ে শিৱসাগৰৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ খনিকৰ পিতৃ পৰিয়ালৰ গৃহত উপস্থিত হয়।
আনহাতে নিজ গৃহ চহৰত উপস্থিত হোৱাৰ পিছতেই পৰিয়ালৰ সদস্যসকলৰ লগতে শ শ অনুৰাগীয়ে সভাপতিগৰাকীক ফুলাম গামোচা লগতে অন্যান্য উপহাৰে উস্ম অভিনন্দন জনায়। খনিকৰ পিছতেই লাহোৱালত লুৰীণজ্যোতি গগৈক AJP দলীয় কৰ্মকৰ্তা লগতে অন্যান্যসকলে অভিনন্দন জনায়।
তাৰ পিছতেই এক বাইক ৰেলিৰে AJP সভাপতি গৰাকীক তিনিচুকীয়ালৈ লৈ যোৱা হয় । লুৰীণজ্যোতি গগৈয়ে অসমত শংসয়,চিন্তা,নাইকিয়া কৰি অসমবাসী ৰাইজৰ সপোনৰ অসমখন গঢ়িবলৈ সকলোৰে আৰ্শীবাদ কামনা কৰে।
লগতে পঢ়কঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ