ETV Bharat / state

লকডাউন শিথিল : ডিব্ৰুগড় চহৰত ভয়াৱহ দৃশ্য - Dibrugarh city

সম্প্ৰতি ৰাজ্য চৰকাৰে সান্ধ্য আইন(curfew) তথা আংশিক লকডাউন(partial lock down)ৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ লগে লগে ডিব্ৰুগড় চহৰত দেখা গৈছে এক ভয়াৱহ ছবি ৷ শুকুৰবাৰৰ পৰা কিছু শিথিলতা অনাত ভয়াৱহভাৱে চহৰ তথা বজাৰ অঞ্চলত দেখা গ'ল ব্যাপক জন সমাগম ৷ ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত কৰ'ণাই এতিয়াও ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ একাংশ জনসাধাৰণৰ যেন কোনো গুৰুত্বই নাই এই বিষয়ক লৈ ৷

Image of unlock period in Dibrugarh city
লকডাউন শিথিল: ডিব্ৰুগড় চহৰত ভয়াৱহ দৃশ্য
author img

By

Published : Jun 18, 2021, 10:12 PM IST

ডিব্ৰুগড়,18 জুন : মহামাৰী কৰ'ণা(covid)ৰ ভয়াৱহ সংক্ৰমণে সমগ্ৰ বিশ্বক জুৰুলা কৰাৰ পাচতে ৰাজ্য চৰকাৰে প্ৰতিৰোধ ব্যৱস্থা হিচাপে সান্ধ্য আইন (curfew) আৰু আংশিক লকডাউন (partial lock down) বলবৎ কৰিছিল ৷ ৰাজ্যৰ জনতাক মহামাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ বাবে দৈনিক নীতি নিৰ্দেশনা (sop) সলনি কৰাৰ পাচতো সচেতন নহয় একাংশ লোক ৷ কিছু সংখ্যক লোকে সচেতনতা অৱলম্বন কৰিছে যদিও তাৰ মাজতে কিন্তু একাংশই ভংগ কৰি আহিছে সকলো নিৰ্দেশনা ৷

Image of unlock period in Dibrugarh city
লকডাউন শিথিল: ডিব্ৰুগড় চহৰত ভয়াৱহ দৃশ্য

সম্প্ৰতি ৰাজ্য চৰকাৰে সান্ধ্য আইন(curfew) তথা আংশিক লকডাউন(partial lock down)ৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ লগে লগে ডিব্ৰুগড় চহৰত দেখা গৈছে এক ভয়াৱহ ছবি ৷ শুকুৰবাৰৰ পৰা কিছু শিথিলতা অনাত ভয়াৱহভাৱে চহৰ তথা বজাৰ অঞ্চলত দেখা গ'ল ব্যাপক জন সমাগম ৷ ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত কৰ'ণাই এতিয়াও ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ একাংশ জনসাধাৰণৰ যেন কোনো গুৰুত্বই নাই এই বিষয়ক লৈ ৷

ডিব্ৰুগড় চহৰত ভয়াৱহ দৃশ্য

উল্লেখ্য যে, ৰেড জ'ন(red zone) হিচাপে চিহ্নিত হৈ থকা ডিব্ৰুগড়ৰ শেহতীয়া ক'ভিড (covid) পৰিস্থিতি মুঠেও নিয়ন্ত্ৰণলৈ নহাত ৰাজ্য চৰকাৰ (state govt) উদ্বিগ্ন হৈ থকাৰ সময়তো ডিব্ৰুগড়ৰ এনে পৰিস্থিতি নিয়ন্ত্ৰণত বিফল হৈছে জিলা তথা আৰক্ষী প্ৰশাসন ৷ বিশেষকৈ ডিব্ৰুগড়ৰ চহৰৰ নতুন বজাৰ,মিলন নগৰ ইত্যাদি ঠাইত ৰাতিপুৱাৰ পৰা সান্ধ্য আইন শিথিল হোৱাৰ লগে লগে বজাৰ কৰিবলৈ ওলাই আহিল একাংশ লোক ৷ যি হাৰত লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে তালৈ লক্ষ্য কৰিলে ডিব্ৰুগড়ত ক'ভিড সংক্ৰামণৰ আৰু অধিক ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ঊষাৰাণী বৰুৱাৰ বিয়োগ

ইফালে, চৰকাৰে আগন্তুক 21 জুনৰ ভিতৰত ডিব্ৰুগড়ৰ পৰিস্থিতি নিয়ন্ত্ৰণ নহ'লে পূৰ্ণ লকডাউনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ পাচতো এনে পৰিস্থিতি চকুৰ সন্মুখত দেখিও আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বৰ্তমানলৈকে ডিব্ৰুগড়ত কৰ'ণাৰ দ্বিতীয়টো ঢৌত মুঠ 17707 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে বৃহস্পতিবাৰলৈকে মুঠ 3865 গৰাকী লোক চিকিৎসাধীন হৈ আছে । আনহাতে বৃহস্পতিবাৰৰ দিনটো লৈকে মৃত্যু হৈছে 230 গৰাকী লোকৰ ৷

লগতে পঢ়ক: কেৱল নাৱৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত কৰা মৰাণৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.