ETV Bharat / state

স্বাধীন ৰাষ্ট্ৰৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনলৈ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 2:31 PM IST

Updated : Dec 6, 2023, 6:18 PM IST

অন্যায়ৰ বিৰুদ্ধে কঠোৰ শব্দৰে বাতৰি লিখা নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তই যোগদান কৰিলে আলফা স্বাধীনত ৷ সামাজিক মাধ্যমযোগে মহন্তই জনায় এই কথা ৷

Journalist of Naharkatia joined in ulfa, confirmed through social media
আমাৰ স্বাধীন ৰাষ্ট্ৰ অসম
অভাৱনীয় পৰিস্থিতি সাংবাদিক বিদ্যুৎ মহন্তৰ বাসৃগহত

ডিব্ৰুগড়, 6 ডিচেম্বৰ: আলফা স্বাধীনৰ শিবিৰৰ পৰা এজনৰ পাছত আন এজন আলফা সদস্যই পলায়ন কৰাৰ লগতে শিবিৰত বিভিন্ন কাৰণত আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰে অসমৰ বাতৰিৰ শিৰোনাম দখল কৰা সময়ত এইবাৰ আলফা স্বাধীনলৈ গমন কৰিলে অসমৰ এখন আগশাৰীৰ বাতৰি কাকত সংবাদ কৰ্মীয়ে । অন্যায়ৰ বিৰুদ্ধে কঠোৰ শব্দৰে বাতৰি লিখা নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তই আলফা স্বাধীনত যোগদান কৰা বুলি খবৰ পোহৰলৈ আহিছে । নাহৰকটীয়াৰ পৰা সংবাদদাতা হিচাপে কৰ্মৰত বিদ্যুৎ মহন্তই বুধবাৰে আলফা স্বাধীনত যোগদান কৰাৰ কথা সামাজিক মাধ্যমযোগে জনায় ।

joined in ulfa
স্বাধীন ৰাষ্ট্ৰৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনলৈ সাংবাদিক বিদ্যুৎ মহন্ত

এটি সন্তানৰ পিতৃ তথা সংবাদ কৰ্মী বিদ্যুৎ মহন্তৰ এই সিদ্ধান্তৰ পাছতে সমগ্ৰ ডিব্ৰুগড় জিলাৰ সাংবাদিক সমাজৰ লগতে ৰাজ্যৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । আলফাত যোগদান কৰা বুলি উল্লেখ কৰি সংবাদ কৰ্মীগৰাকীয়ে ফেচবুকত লিখিছে, "মা-দেউতা মোক তোমালোকে ভুল নুবুজিবা । এই সময়ত তোমালোকক এনেদৰে এৰি অহাৰ বাবে হয়তো আন বহুতৰ দৰে তোমালোকেও পুত্ৰৰ দায়িত্বৰ পৰা পলায়ন কৰা বুলি ভাবিব পাৰা । প্ৰকৃততে তেনে নহয় । আমাৰ হাতত সময় তেনেই তাকৰ । বোধকৰো তোমালোকে কথাবোৰ বুজিবা । দেশৰ স্বাধীনতাৰ সংগ্ৰামত জপিয়াই পৰিবলৈ গুচি আহিলোঁ মই ৷ স্বদেশ-স্বজাতিৰ মুকুতিৰ বাবে নিজ সন্তানক উচ্ছৰ্গা কৰিব পৰাটো গৌৰৱ আৰু সৌভাগ্যৰ কথা ৷ এই সৌভাগ্য সকলো পিতৃ-মাতৃয়ে লাভ নকৰে ৷ তোমালোকে কৰিছা সেয়েহে, আজি নহ’লেও কাইলৈ তোমালোক গৌৰৱাম্বিত হ’বা । স্বদেশ আৰু স্বজাতিৰ মুক্তিৰ হকে আমৃত্যু পৰ্যন্ত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাঃ) সংগঠনত মই মোৰ সেৱা আগবঢ়াই যাম ৷ আজিৰে পৰা মোৰ আই নাই, পিতা নাই আৰু নাই কোনো পাৰিবাৰিক বান্ধোন । আজিৰে পৰা মই কেৱল অসমী আই জননীৰ সন্তান । মোৰ বিশ্বাস এদিন আমাৰ স্বাধীন ৰাষ্ট্ৰ অসমৰ নীলিম আকাশত উৰিব আমাৰ মূগা, সেউজীয়া ৰঙৰ মাজত জিলিকি থকা উদিত সূৰুযৰ ৰক্তিম পতাকা, সেই পতাকাৰ তলত আমি প্ৰত্যেকেই উল্লাসেৰে চিঞৰ মাৰিম ।"

পিতৃ-মাতৃ আৰু পত্নী-সন্তানক এৰি স্বাধীন অসমৰ স্বপ্ন খেদি এগৰাকী সাংবাদিকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰে এতিয়া ৰাজ্যজুৰি লাভ কৰিছে বিশেষ চৰ্চা । নিজৰ বাইকখনেৰে অৰুণাচল ভ্ৰমণৰ বাবে যোৱা বুলি পৰিয়ালক অৱগত কৰিছিল । ইয়াৰ পাছতে দুপৰীয়াৰ সময়ত সামাজিক মাধ্যমত আলফাত যোগদান কৰা বুলি উল্লেখ কৰাৰ পাছতে পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ ।

লগতে পঢ়ক: ৰঙাপৰাৰ নামনি গাঁৱত নিশা আতংকময় পৰিৱেশ

Last Updated : Dec 6, 2023, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.