ডিব্ৰুগড়,12 মে': বিশিষ্ট সাহিত্যিক, সমালোচক, সাংবাদিক, কথাশিল্পী ড৹ হোমেন বৰগোহাঞিৰ বুধবাৰে পুৱা ৬.৫৮ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি ৷ যোৱা দুই-তিনি দশক ধৰি বিশিষ্ট সাহিত্যিকগৰাকী যেতিয়াই ডিব্ৰুগড়লৈ আহিছিল, তেতিয়াই ডিব্ৰুগড়ৰ এটা নিৰ্দিষ্ট বাসগৃহত আছিল বুলি প্ৰকাশ কৰে নিৰ্মল চাহেৱালাই ৷
বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া তথা চিকিৎসক ডিব্ৰুগড়ৰ জ্যোতিনগৰৰ ডা৹ নিৰ্মল চাহেৱালাৰ বাসগৃহ আছিল বৰগোহাঞিৰ ডিব্ৰুগড়ৰ ঠিকনা ৷ হোমেন বৰগোহাঞি নিৰ্মল চাহেৱালাৰ পিতৃস্বৰূপ আছিল বুলি উল্লেখ কৰে ৷ বৰগোহাঞিৰ মৃত্যুৱে তেওঁক পিতৃহাৰা কৰি তুলিলে বুলি দুখেৰে প্ৰকাশ কৰে নিৰ্মল চাহেৱালাই ৷
লগতে পঢ়ক: ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFED ৰ