মৰাণ, 27 অক্টোবৰ : দালালৰে ভৰি পৰিছে ইটোৰ পিছত সিটো বিভাগ ৷ ৰাজ্য চৰকাৰৰ অধীনষ্ঠ মণ্ডলৰ কাৰ্যালয়সমূহৰ দালালৰাজ উৎখাতৰ অৰ্থে স্বয়ং মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাক কেৰেপেই কৰা নাই আন একাংশ দালালে ৷ এইবাৰ ডিব্ৰুগড়ৰ টেঙাখাতত থকা মীন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মীন বিভাগৰ ঋণ দিয়াৰ নামত দীৰ্ঘদিনে হিতাধিকাৰীসকলক প্ৰৱঞ্চনা কৰি আহিছিল টেঙাখাতৰ চাহিদুৰ ওৰফে জিতু ৰহমান নামৰ এটা দালালে ৷ প্ৰতিগৰাকীৰ হিতাধিকাৰীৰ বাবদ প্ৰায় 3000 টকাকৈ সংগ্ৰহ কৰি আহিছিল প্ৰৱঞ্চক জিতুৱে ৷ এই অভিযোগ প্ৰতিগৰাকী হিতাধিকাৰীৰ ৷
অৱশেষত এগৰাকী হিতাধিকাৰী তথা ভুক্তভোগী গৌতম বৰুৱাৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আটক কৰে প্ৰৱঞ্চকটোক ৷ বৰুৱাৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 406/420 নম্বৰত গোচৰ ৰুজু কৰি সোধা-পোচাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে চাওক: নতুন মোৰ লৈছে বেলতলা হত্যাকাণ্ডই : কেয়াৰটেকাৰক গ্ৰেপ্তাৰ