ETV Bharat / state

বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই টিংখাঙ অঞ্চলৰ প্ৰতি কঢ়িয়াইছে প্ৰৱল ভাবুকি

বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই টিংখাঙ অঞ্চলৰ প্ৰতি কঢ়িয়াইছে প্ৰৱল ভাবুকি ৷খহনীয়া ৰোধৰ বাবে চৰকাৰক বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ

বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত টিংখাং
author img

By

Published : Aug 20, 2019, 10:24 AM IST

  • বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে টিংখাঙৰ ধমন পঞ্চায়তৰ অন্তৰ্গত চেঁচানেপালী গাঁৱত
  • ইতিমধ্যে অঞ্চলটোৰ প্ৰায় 1500 বিঘা কৃষিভূমি জাহ গৈছে বঢ়ীদিহিঙৰ বুকুত
  • বিভাগীয় কৰ্তৃপক্ষই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ
  • সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অনুপ ফুকনে অবিজ্ঞানসন্মতভাৱে পাৰ্কুপাইন দি খহনীয়া ৰোধৰ চেষ্টা কৰিছিল যদিও বৰ্তমান সেয়া ফুটুকাৰ ফেনতহে পৰিণত হৈছে
    বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত টিংখাং
  • খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা প্ৰায় 2 কিল'মিটাৰ দৈৰ্ঘ্যৰ ৰিং বান্ধটোৰো বৃহৎ অংশ বৰ্তমান নদীখনৰ বুকুত জাহ যোৱাৰ দিশত
  • খহনীয়া ৰোধৰ বাবে চৰকাৰক বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ
  • অন্যথা ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ

Intro: বাৰিষা আহিলেই আতংকিত হৈ পৰে টিংখাঙৰ এটা বৃস্তিত অঞ্চলৰ নৈপৰীয়া ৰাইজ। বছৰ-বছৰ ধৰি খহনীয়াৰ কবলত পৰি অঞ্চলটোৰ প্ৰায় ১৫০০ বিঘা কৃষিভূমি জাহ গ'ল বঢ়ীদিহিঙৰ বুকুত। গৃহহাৰা হল বহু দূৰ্ভগীয়া পৰিয়াল। এতিয়া দুৰ্ভগীয়া গাঁওবাসীৰ মাজত ঠিকনা হেৰুৱাৰ আতংক। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
Body:যেন এখন অভিশপ্ত গাঁও। বুঢ়ীদিহিং নদীয়ে কালৰূপ ধৰি যেন এফালৰ পৰা গিলি আহিছে গাঁওখন। টিংখাঙৰ ধমন পঞ্চায়তৰ অন্তৰ্গত চেঁচানেপালী গাঁৱৰ এক বৃস্তিত এলেকাত ১৯৭৩ চনৰ পৰাই বুঢ়ীদিহিঙৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে। উল্লেখ্য যে বিগত প্ৰায় ৪০ বছৰে খহনীয়া অব্যাহত থকা উক্ত অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো এখন চৰকাৰেই গ্ৰহণ নকৰিলে উচিত পদক্ষেপ। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ দিনত অবিজ্ঞানসন্মতভাৱে পাৰ্কুপাইন দি খহনীয়া ৰোধৰ চেষ্টা কৰিছিল যদিও সিও ফুটুকাৰ ফেনতহে পৰিণত হয়। তাৰ পাচৰ পৰাই বিভাগীয় কতৃপক্ষই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই। আনহাতে বুঢ়ীদিহিঙ নৈৰ প্ৰবল গৰাখহনীয়াত শেহতীয়াকৈ ৰাইজক সকাহ দি থকা প্ৰায় ২ কি: মি: দৈৰ্ঘ্যৰ ৰিং বান্ধটোৰ এটা বৃহৎ অংশ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। ফলত এতিয়া একমাত্ৰ সুৰক্ষা বান্ধটোলৈ ভাবুকি কঢ়িয়াই আনিছে। উল্লেখ্য যে বাট-পথ, স্বাস্থ্য সেৱা, খোৱপানী আদি সকলো ফালৰ পৰা অনগ্ৰহৰ অঞ্চলটোৰ প্ৰধান জীৱিকা কৃষি যদিও বিগত সময়ছোৱাত প্ৰায় ১৫০০ বিঘা কৃষিভূমি খহনীয়াত জাহ গৈছে। বাৰিষা আহিলেই পৰিস্থিতিয়ে এনে ৰূপ লয় যে আতংকিত গঞাই নিজৰ ঘৰ-বাৰী এৰি অন্য ঠাইত আশ্ৰয় লবলগীয়া হয়। ধমন গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঁচানেপালী গাঁৱৰ ৰাইজে খহনীয়া ৰোধৰ স্থায়ীপদক্ষেপ গ্ৰহণ কৰিবৰ বাবে বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰখনৰ প্ৰতি আহ্বান জনাইছে। অন্যথা আগন্তুক দিনত যে অঞ্চলবাসী অধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সেয়া নিশ্চিত ।
Conclusion:আনহাতে খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি টিংখাং আঞ্চলিক ছাত্র সন্থাৰ এটা সজাতি দলে অতি শীঘ্ৰে খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাইছে । অন্যথা এই সংক্ৰান্তত ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।
Byte-(1),(2)-স্থানীয় বাসিন্দা
Byte-3- বিষয়বৱীয়া , ছাত্র সন্থা।

টি‌ংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.