মৰাণ, 11 নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ শিশু ৰোগ বিভাগত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলি ছাৰখাৰ হৈ যায় এটা আই চি ইউৰ মণিটৰ । অগ্নিকাণ্ডৰ পাছতেই চিকিৎসালয়খনৰ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
চিকিৎসা মহাবিদ্যালয়খনৰ শিশু ৰোগ বিভাগৰ আই চি ইউৰ মণিটৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা হৈছে ৷ অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে চিকিৎসাধীন শতাধিক শিশু । ছমাহৰ পূৰ্বে শিশুৰোগ বিভাগৰ আই চি ইউত সংঘটিত হৈছিল অনুৰূপ ঘটনা ।
লগতে পঢ়ক : বৰপেটাৰোডত পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ