ETV Bharat / state

মন্ত্ৰী হিমন্তৰ ফটো বিকৃত কৰি ৰঙাঘৰৰ আলহী যুৱতী

author img

By

Published : Feb 18, 2021, 10:19 AM IST

পিতৃ-কন্যাৰ ফটো বিকৃত ৰূপত পৰিৱেশন কৰি প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব প’ৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ পাচতে বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাং নয়নমণি গগৈ নামৰ যুৱতী গৰাকীক ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো বিকৃত কৰি ৰঙা ঘৰৰ আলহী হ'ল যুৱতী

মৰাণ,18 ফেব্ৰুৱাৰী: ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কন্যাৰ ফটো বিকৃত ৰূপত উপস্থাপন কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব প’ৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ 5 গৰাকী সাংবাদিক ৷ তাৰপাচতে বুধবাৰে ডিব্ৰুগড় সদৰ থানাত নাং নয়নমণি গগৈ আৰু প্রতিবিম্ব লাইভ নামৰ ৱেব প’ৰ্টেলটোৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ ৰুজু কৰিলে বিজেপিৰ যুৱ মৰ্চাই । অভিযোগ মতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ফেচবুকত আপলোড কৰি বিকৃত কৰিছিল নাং নয়নমণি গগৈ নামৰ এগৰাকী যুৱতীয়ে, তাৰ পাচতে ৱেব প’ৰ্টেলটোৱে বিকৃত ফটোখনক কেন্দ্ৰ কৰি বাতৰি পৰিৱেশন কৰিছিল ৷

সামাজিক মাধ্যমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ প্রতিবিম্ব লাইভ নামৰ ৱেব প’ৰ্টেলটোৱে পৰিৱেশন কৰা এনে নিকৃষ্ট বাতৰিক অসমবাসী ৰাইজে ধিক্কাৰ দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে । ইয়াৰ মাজতে এনে ধৰণৰ নিকৃষ্ট ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছে গোচৰ । ইতিমধ্যে ভুৱা বাতৰি প্ৰকাশ কৰাৰ অপৰাধত প্রতিবিম্ব লাইভৰ কেইবাজনো সাংবাদিকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতে বুধবাৰে নাং নয়নমণি গগৈ নামৰ যুৱতীগৰাকীকো শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.