মৰাণ, 28 জুন : চেপন আৰক্ষী চকীৰ অধীনস্থ নিজ খালৈঘোগুৰাৰ বৰবাম (দেওধাই) গাঁৱৰ বাসিন্দা তথা বিতৰ্কিত প্ৰাক্তন আলফা নেতা 52 বছৰীয়া বলীন বৰুৱাক দেওবাৰে নিশা পুনৰ সেনা বাহিনীয়ে নিজ গৃহৰ পৰা আটক কৰিছে । কেইবছৰমানৰ পূৰ্বে চেপনত বোমা আৰু সোণাৰিৰ টিয়কঘাটত গ্ৰেনেড বিস্ফোৰণ ঘটোৱাৰ উপৰিও একাধিক অপৰাধমূলক কাম কাজত জড়িত হৈ থকাৰ অভিযোগত অভিযুক্ত হৈ আঠবাৰ কৈ কাৰাবাস খাটিছিল বৰুৱাই ৷ প্ৰাক্তন আলফা নেতা গৰাকীক প্ৰায় এবছৰৰ পূৰ্বে ঘৰৰ সমীপতে এজন নিপৰাধী যুৱকক গৰু চোৰ বুলি মাৰপিট কৰাৰ অপৰাধত আটক কৰা বুলি নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
কিন্তু, এক বিশেষ সূত্ৰই এই ঘটনাৰ লগত আন বিশেষ কাৰণ সন্নিবিষ্ট হৈ আছে বুলি প্ৰকাশ কৰিছে । সম্প্ৰতি সেনা বাহিনীয়ে চেপন আৰক্ষীৰ হাতত গতাই দিছে প্ৰাক্তন আলফা নেতা গৰাকীক ৷
লগতে পঢ়ক: বৰপেটাৰ বাঘবৰত কেকোসাপ সহ এজনক আটক