ETV Bharat / state

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে শিক্ষক সমাজৰ প্ৰতিবাদ - বিত্তীয় কেলেংকাৰী

বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে সোমবাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা শিক্ষক সমাজৰ ৷ বিভিন্ন বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে ৷

protest against vice chancellor
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে শিক্ষক সমাজৰ প্ৰতিবাদ
author img

By

Published : Jan 25, 2021, 7:48 PM IST

মৰাণ,25 জানুৱাৰী : বিভিন্ন বিত্তীয় অনিয়মত অভিযুক্ত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে এইবাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে ৷ সোমবাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে শিক্ষক সমাজে ৷

উল্লেখ্য যে, বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা উপাচার্য ড৹ ৰঞ্জিত তামুলীৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে কেইবাটাও বাতৰি প্ৰকাশ পাইছে । ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ স্বয়ং শিক্ষক সমাজ সৰৱ হৈ উঠা পৰিলক্ষিত হয় । উচ্চ পর্যায়ৰ ন্যায়িক তদন্তৰ দাবীত প্ৰতিবাদৰ জৰিয়তে ন্যায় বিচাৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে ।

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে শিক্ষক সমাজৰ প্ৰতিবাদ

বিশ্ববিদ্যালয়ৰ পুঁজিৰ পবা ভুৱা বিল দাখিল কৰি ধন উলিয়াই নিয়া, বিভিন্ন বিত্তীয় অনিয়ম সংঘটিত কৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আইন, বিশ্ববিদ্যালয়ৰ বিভিন্ন সংবিধি, অধ্যাদেশ আদি পদে পদে অৱমাননা কৰা, প্রশাসনিক দিশত বিশ্ববিদ্যালয়খনত দেখা দিয়া স্থৱিৰতা দূৰ কৰাৰ বাবে কোনােধৰণৰ ব্যবস্থা হাতত নােলােৱা আদি ভিন্ন অভিযােগ উত্থাপন হােৱাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় শিক্ষক সংস্থাই উপাচার্যগৰাকীৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হয়।

শিক্ষক সমাজে পুৱাৰ ভাগৰে পৰা উপাচার্যৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । শিক্ষক সন্থাৰ কার্যনিৰ্বাহক সভা আৰু সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে প্ৰতিটো বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হয় ৷ ইয়াৰোপৰি শিক্ষক সন্থাই উপাচার্যৰ বিৰুদ্ধে বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা বিষয়টোৰ ন্যায়িক তদন্ত বিচাৰি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

আনহাতে, শিক্ষক সন্থাৰ এই আন্দোলনত কর্মচাৰী সন্থা, বিষয়া সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটেও সমৰ্থন আগবঢ়ায় । উক্ত কেলেংকাৰীত নিজৰ নাম সাঙোৰ খাই পৰা উপাচার্য ড৹ ৰঞ্জিত তামুলীয়ে এই দিশত অৱশ্যে মিছা অভিযোগ তুলিছে বুলি উল্লেখ কৰে ৷ কেলেংকাৰী সন্দৰ্ভত তদন্তৰ পাচতহে কি সঁচা, কি মিছা সেয়া পোহৰলৈ আহিব বুলিও মন্তব্য কৰে অভিযুক্ত উপাচার্যগৰাকীয়ে ৷

লগতে পঢ়ক : উগ্ৰপন্থী সংগঠন ডিএনএলএৰ ডিমা হাছাওত 36 ঘন্টীয়া বন্ধৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.