মৰাণ,10 জানুৱাৰী: বগীবিল-মধুপুৰত ব্ৰহ্মপুত্ৰ নৈত মথাউৰি নিৰ্মাণৰ নামত সংঘটিত হৈছে এই বিয়াগোম কেলেংকাৰী । ডিব্ৰুগড় জিলাৰ ভিতৰত সৰ্বাধিক বানবিধস্ত অঞ্চল পশ্চিম ৰাজহ চক্রৰ অন্তর্গত লৰুৱা মৌজাত মধুপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰ পাৰত প্রায় ৩ কিলোমিটাৰ মথাউৰি নির্মাণৰ নামত সংঘটিত ব্যাপক অনিয়মে অঞ্চলবাসীক ক্ষোভিত কৰি তুলিছে । প্ৰায় ২০ কোটি টকা ব্যয় সাপক্ষে নির্মীয়মান বানবিধ্বস্ত লৰুৱা মৌজাৰ মধুপুৰত মথাউৰিটোৰ যি অংশ নিৰ্মাণ কৰিলে সেয়াও নিম্নমানদণ্ড তথা বালিৰে নিৰ্মিত কৰাৰ বাবে খহিবলৈ আৰম্ভ কৰিছে । তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতেই মথাউৰিটোৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্য নিৰ্মান কৰা হৈছিল; কিন্তু ইমানখিনিতেই বন্ধ হৈ পৰে মথাউৰি নিৰ্মানৰ কাম ৷ যাৰ বাবে প্ৰতিবছৰে উন্মুক্ত ঠাইয়েদি ব্রহ্মপুত্রৰ বাঢ়নী পানী সােমাই আহি বৃহত্তৰ লৰুৱা মৌজাৰ লেজাই, কলাখােৱা, বগীবিল, কোটোহা, গৰুধৰীয়া আদি অঞ্চলৰ প্রায় এশখন গাঁৱৰ বাবে অমানিশা কঢ়িয়াই আনে ৷
শেহতীয়াকৈ বগীবিল দলঙ নিৰ্মাণৰ লগত সংগতি ৰাখিয়ে বাকী কিছু অংশ নিৰ্মাণ কৰা হয় যদিও প্ৰায় ৩ কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈয়ে ৰয়। ফলত বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি থকা লেজাই-কলাখোৱা, মধুপুৰ আদি অঞ্চলৰ অতি জলন্ত সমস্যাটো এইবাৰো সমস্যা হৈয়ে ৰ'ল ৷ স্থানীয় ৰাইজে ৰে'লৱে বিভাগৰ সতে ঠিকাদাৰী প্ৰতিষ্ঠানে গোপন বুজাবুজি কৰি তিনি কিলোমিটাৰ মথাউৰিৰ মাত্ৰ প্ৰায় দুই কিলোমিটাৰ বালিৰে নিৰ্মাণ কৰিয়েই আৱণ্টিত চৰকাৰী ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে । স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বিষয়টো সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰাত মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী আৰু উচিত তদন্ত কৰি খৰালিৰ ভিতৰতেই শীঘ্ৰে উন্মুক্ত হৈ ৰোৱা মথাউৰিটো নিৰ্মাণৰ দাবী জনাইছে ৰাইজে । অন্যথা অনাগত দিনত গণতান্ত্ৰিক আন্দোলনৰ গ্ৰহণৰ হুংকাৰ ৰাইজৰ ৷
লগতে পঢ়ক-দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দল