ডিব্ৰুগড়, 22 মে’: শনিবাৰে, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাই জিলাখনৰ ৰহমৰীয়াত উপস্থিত হৈ বানপানী তথা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগৰ উদ্যোগত নিৰ্মাণ হৈ থকা জিঅ’বেগ মাথাউৰীতোৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে ৷
এই পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ আৰু জলসম্পদ বিভাগৰ অভিযন্তা আৰু বিষয়া সকল উপস্থিত থাকে। উল্লেখ্য যে জিঅ’বেগ প্ৰকল্পৰ কামত অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ তুলি ৰহমৰীয়া গৰা খহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই আপত্তি দৰ্শাইছিল ৷
উল্লেখযোগ্য যে, জলসম্পদ বিভাগে অঞ্চলটোত গড়াখহনীয়া ৰোধ কৰিবৰ বাবে জিঅ' বেগত বালি ভৰাই নদীত পেলাইছিল যদিও মুখনি চিলোৱা হোৱা নাছিল এই জি'অ বেগ সমূহৰ ।
ৰহমৰীয়াত বিসংগতি পূৰ্ণ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ ফলস্বৰূপে এতিয়া জলসম্পদ বিভাগৰ ঠিকাদাৰে কৰা কাম বগা হাতীত পৰিণত হৈছে বুলিও উত্থাপিত হৈছিল সমালোচনা । উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ৭ কোটি ৭৪ লাখ টকাৰ জি'অ বেগৰ নিয়ৰ্মীয়মান প্ৰকল্পস্থলীত সংঘটিত হৈছিল এনে বিসংগতি ।
আনহাতে, ইয়াৰ পিছতেই জিলা উপায়ুক্ত গৰাকীয়ে জিঅ’বেগ মাথাউৰীতোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰা কাৰ্যই এতিয়া আশাৰ সঞ্চাৰ কৰিছে অঞ্চলবাসীৰ মাজত ৷
লগতে পঢ়ক :বৰপেটা জিলা কাৰাগাৰত ১১ জন বন্দীসহ এগৰাকী কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত