ETV Bharat / state

নামৰূপ বৈদ্যুতিক উপ সংমণ্ডল কৰ্মচাৰীৰ মাজত হাহাকাৰ

author img

By

Published : Aug 19, 2022, 2:32 PM IST

নিয়মীয়া দৰমহাৰ পৰা বঞ্চিত হৈছে নামৰূপৰ অসম শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত নামৰূপ বৈদ্যুতিক উপ-সংমণ্ডল, জয়পুৰ উপ-সংমণ্ডলৰ নিয়ন্ত্ৰণ কক্ষৰ চুইছ ব'ৰ্ড অপাৰেটৰ আৰু সহায়কসকল (APDCL Switch board operator in trouble)। ঠিকাদাৰৰ হাতলৈ যোৱাৰ পাছৰে পৰা দৰমহাও হ্ৰাস হৈছে কৰ্মচাৰীসকলৰ ।

APDCL
নামৰূপ বৈদ্যুতিক উপ সংমণ্ডল কৰ্মচাৰীৰ মাজত হাহাকাৰ

মৰাণ,১৯ আগষ্ট : অসম শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত নামৰূপ বৈদ্যুতিক উপ-সংমণ্ডল, জয়পুৰ উপ-সংমণ্ডলৰ নিয়ন্ত্ৰণ কক্ষৰ চুইছ ব'ৰ্ড অপাৰেটৰ আৰু সহায়কসকলৰ মাজত হাহাকাৰ অৱস্থা (APDCL worker in trouble at Namrup)। আৰ্থিক সংকটত কৰ্মচাৰীসকল । পৰিয়াল পোহপাল দিয়াত ভীষণ সমস্যাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল (Financial crisis of Namrup APDCL worker)। দৰমহা নিয়মীয়া নোহোৱাত এতিয়া কৰ্মচাৰীসকল বিপদত পৰিছে ।

উল্লেখ্য যে অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত থকা সময়ত চুইছ ব'ৰ্ড অপাৰেটৰসকলে মাহিলী ১৪,০০০ টকা আৰু সহায়ক কৰ্মচাৰীয়ে ১০,৮০০ টকা লাভ কৰি আহিছিল । কিন্তু ব'ৰ্ডে নিয়ন্ত্ৰণ কক্ষসমূহক ঠিকাদাৰৰ হাতলৈ অনাত বহু পৰিমাণে হ্ৰাস পাইছে তেওঁলোকৰ দৰমহা । ইফালে দিন-ৰাতি একাকাৰ কৰি কাম কৰিব লগা হোৱাৰ পাছতো কৰ্মচাৰীসকলে দৰমহা নিয়মীয়াকৈ নাপায় ।

দৰমহা প্ৰদানত গাফিলতি সংঘটিত হোৱাৰ অভিযোগ তুলি বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে কৰ্মচাৰীসকলে । একেদৰে কৰ্মৰত অৱস্থাত ২০১৭ চনত স্বামীক হেৰুওৱা গীতাঞ্জলী ৰাজকোঁৱৰ নামৰ মহিলা এগৰাকীক ব'ৰ্ডে স্থায়ীভাৱে নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু মহিলাগৰাকীক স্থায়ী নিযুক্তি প্ৰদান নকৰি প্ৰথমে পিয়ন আৰু পিছলৈ পাৰ্ট টাইম ক্লিনাৰ হিচাপে নিযুক্তি প্ৰদান কৰি অৱহেলিত কৰি আহিছে ।

যাৰ বাবে দুটা সন্তানৰ মাতৃগৰাকীয়ে ঘৰখন চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে সমগ্ৰ বিষয়টো অসম শক্তি বিতৰণ কোম্পানীয়ে হস্তক্ষেপ কৰি নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰীসকলৰ লগতে স্বামীহাৰা মহিলাগৰাকীক উপকৃত কৰিবলৈ দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে ।

লগতে পঢ়ক :ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.