মৰাণ, 10 মে' : খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাতেই নিৰ্মাণ কাৰ্যত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত দলঙত নিৰ্মাণৰ দুদিন পাচতে মেলিছে ফাঁট ৷ বহি গৈছে দলঙৰ দুয়োটা মূৰ ৷ ডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হৈছে এই ঘটনা ৷
মৰাণ সমষ্টিৰ গজপুৰীয়া আলিৰ পৰা লুকুমাৰী ডিমৌকিনাৰ বংগালী পথলৈ নিৰ্মাণ কৰা এটা পথত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । প্ৰায় তিনি কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে অনুজ শইকীয়া নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে যোগান ধৰা প্ৰায় ৫ কোটি ৩৯ লাখ টকাৰে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ পিচতেই ফাঁট মেলিবলৈ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও পথটোত ডিমৌ নদীৰ ওপৰত নিৰ্মাণ কৰা এখন পকী দলঙত নিৰ্মাণৰ পিচতে ফাঁট মেলাৰ লগতে দলংখনৰ সন্মুখভাগ সম্পূৰ্ণকৈ বহি গৈছে । যাৰ ফলত গাড়ী মটৰ পাৰ হোৱাত অসুবিধা সৃষ্টি হৈছে ।
ঠিকাদাৰ অনুজ শইকীয়াক পথটোৰ লগতে দলংখন নিৰ্মাণৰত অৱস্থাত কাম বিলাক উন্নত মানদণ্ডৰে কৰিবলৈ আহ্বান জনাইছিল যদিও ঠিকাদাৰজনে কোনো কথাকে গুৰুত্ব নিদিয়া বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । একাংশৰ মতে ঠিকাদাৰ জনৰ বিৰুদ্ধে কোনো লোকে মাত মাতিলে ভাবুকিও প্ৰদান কৰে । গড়কাপ্তানি বিভাগৰ বিষয়া সকলেও ঠিকাদাৰৰ লগত মিতিৰালি কৰাৰ অভিযোগ তুলিছে ৰাইজে ।
অভিযোগ অনুসৰি ৰাইজৰ কথাত অলপো গুৰুত্ব নিদিয়ে গড়কাপ্তানি বিভাগৰ অভিযন্তাই । মুঠৰ ওপৰত এক প্ৰকাৰৰ গুণ্ডাৰাজ কৰি লুন্ঠন চলোৱাত লাগি গৈছে গড়কাপ্তানি বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰজন । ঠিকাদাৰজনৰ এই লুন্ঠৰাজৰ সন্দৰ্ভত স্থানীয় বিধায়ক গৰাকীৰ লগতে জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে ।
লগতে পঢ়ক : বৰ্হিজগতৰ পৰা পুনৰ বিছিন্ন মাজুলী