ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত মৰাণত কংগ্ৰেছৰ প্ৰতিবাদ - মৰাণত কংগ্ৰেছৰ প্ৰতিবাদ

ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা ধাৰ্য্য কৰা আৰু ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিক সকলক নূন্যতম মজুৰি নিৰ্ধাৰণ কৰাৰ দাবীত ডিব্ৰুগড় জিলাৰ শ্ৰম আয়োগৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ ৷

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত মৰাণত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 10, 2021, 6:53 AM IST

মৰাণ, 10 ফেব্ৰুৱাৰী: মঙলবাৰে গৃহ চহৰ মৰাণত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কিন্তু সেই সময়তে কংগ্ৰেছ দলে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা ধাৰ্য্য কৰা আৰু ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিক সকলক নূন্যতম মজুৰি নিৰ্ধাৰণ কৰাৰ দাবীত কংগ্ৰেছে ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দেৱৰঞ্জন গগৈয়ে উদ্যোগ লোৱা প্ৰতিবাদী কাৰ্যসূচীত লাহোৱাল সমষ্টিৰ যুবনেতা মনোজ ধানোৱাৰ, চাবুৱা সমষ্টিৰ বিধায়কৰ বলিষ্ঠ দাবীদাৰ দিগন্ত হাজৰিকাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: মহাজোঁটবন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে:সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.