ETV Bharat / state

বিজেপি নেতা চক্ৰধৰ গগৈৰ ব্যক্তিগত সহায়কৰ কৰ’ণাত মৃত্যু

author img

By

Published : May 3, 2021, 9:27 AM IST

সোমবাৰে পুৱতি নিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত মৃত্যু হয় চক্ৰধৰ গগৈৰ ব্যক্তিগত কাৰ্যালয়ৰ সহায়ক প্ৰণৱ গগৈৰ ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় সহায়কগৰাকীৰ ৷

chakradhar gogoi PA died
চক্ৰধৰ গগৈৰ ব্যক্তিগত সহায়কৰ মৃত্যু

মৰাণ, 3 মে’ : মৰাণলৈ আনন্দৰ মাজতে আহিল এক শোকৰ খবৰ । সদ্য ঘোষিত নিৰ্বাচনৰ ফলাফলত মৰাণৰ পৰা জয়ী হোৱা বিজেপি নেতা চক্ৰধৰ গগৈৰ ব্যক্তিগত কাৰ্যালয়ৰ সহায়ক প্ৰণৱ গগৈৰ দেহাৱসান ৷ কৰ’ণাত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত সোমবাৰে পুৱতি নিশা 4.50 বজাত মৃত্যু হয় সহায়কগৰাকীৰ ।

50 বছৰীয়া প্ৰণৱ গগৈৰ ঘৰ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং সাৰুৱাছিগাত বুলি জানিব পৰা গৈছে । এসপ্তাহ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ এএমচিএইছৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰা হৈছিল প্ৰণৱ গগৈক ৷

তেওঁৰ মৃত্যুত সমষ্টিটোৰ বিজেপিৰ দলীয় কৰ্মীৰ মাজত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে । দ্বিতীয়বাৰলৈ সমষ্টিটোত জয়ী হোৱা চক্ৰধৰ গগৈয়ে প্ৰণৱ গগৈ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : পূৱ কোকৰাঝাৰত থমকি ৰ’ল প্ৰমিলাৰাণী ব্ৰহ্মৰ অশ্বমেধৰ ঘোঁৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.