মৰাণ,৬ এপ্ৰিল: দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো ভাৰতীয় জনতা পাৰ্টিৰ ৪১ তম প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে । দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ডিব্ৰুগড় জিলাৰ মৰণাৰ তিলৈ গ্ৰাম্য বজাৰত খোৱাং মণ্ডলৰ উদ্যোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি ভিজুৱেল মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ।

অনুষ্ঠানটোত মৰাণ সমষ্টিৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ, মণ্ডল সভাপতি ক্ষীৰোদ কুমাৰ দুৱৰাৰ লগতে সাধাৰণ সম্পাদক আৰু ৰাজ্যিক, জিলা,মণ্ডল তথা বুথ পৰ্যায়ৰ ভালে সংখ্যক কাৰ্য্যকৰ্তাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:বঙাইগাঁৱৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট