ETV Bharat / state

চাবুৱাত মনোনয়ন দাখিল সংগীত পৰিচালক অজয় ফুকনৰ

author img

By

Published : Mar 9, 2021, 4:14 PM IST

মনোনয়ন দাখিলৰ বাবে চাবুৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সংগীত পৰিচালক অজয় ফুকনৰ বিশাল ৰেলী ৷ চাবুৱাবাসীৰ বাবে 5 বছৰ দিনে-নিশাই কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ফুকনৰ ৷

চাবুৱাত মনোনয়ন দাখিল সংগীত পৰিচালক অজয় ফুকনৰ
চাবুৱাত মনোনয়ন দাখিল সংগীত পৰিচালক অজয় ফুকনৰ

চাবুৱা,9 মাৰ্চঃ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী তথা সমৰ্থকক লৈ চাবুৱা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে সংগীত পৰিচালক অজয় ফুকনে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সংগীত পৰিচালক তথা চাবুৱা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বিশাল ৰেলীৰে ৰাওনা হয় । মনোনয়ন দিয়াৰ আগমুহুৰ্তত আত্মবিশ্বাসী সংগীত পৰিচালকজনে চাবুৱা সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে তেওঁ বিপুল ভোটত জয়ী হৈ বিধানসভালৈ যাব বুলি দাবী কৰে ৷

চাবুৱাবাসীয়ে ফুকনক নিৰ্বাচিত কৰিলে আগন্তুক 5 বছৰ দিনে-নিশাই সমষ্টিৰ বাবে কাম কৰি যাব বুলি একপ্ৰকাৰৰ গেৰাণ্টি দিয়ে অজয় ফুুকনে ৷ 20 মাৰ্চত চাবুৱাত মোডীৰ যি নিৰ্বাচনী সভা আছে, সেই সন্দৰ্ভত সংগীত পৰিচালকজনে কয়, চাবুৱালৈ হাজাৰজন মোডী আহিলেও চাবুৱাবাসীক ভাষণেৰে কিনিব নোৱাৰে ।

লগতে পঢ়কঃ আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.